অতুল বৰায়ো নাজানে অগপই ক’ৰ পৰা লোকসভা নিৰ্বাচন খেলিব !

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:07 PM IST

thumbnail

মিৰ্জা, 11 জানুৱাৰী: এতিয়াও নিশ্চিত হোৱা নাই অসমত এন ডি এ মিত্ৰজোঁটৰ আসনৰ ভাগ-বাটোৱাৰা ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই অসম ভ্ৰমণ কৰাৰ সময়তে আসনৰ বিষয়টোৱে গুৰুত্ব পাব বুলি ভবা হৈছিল যদিও তেনেকুৱা একো নহ’ল ৷ নাড্ডাৰ সৈতে সৌজন্যমূলক সাক্ষাৎকাৰহে হ’ল অগপ নেতৃত্বৰ ৷ ফলত এক ৰহস্য হৈ ৰৈছে আসন বুজাবুজিৰ বিষয়টো ৷ 

অহা এপ্ৰিল মাহৰ ভিতৰত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে যদিও এই পৰ্যন্ত অসমত এন ডি এৰ তিনি মিত্ৰ দল বিজেপি, অগপ আৰু ইউ পি পি এলে ক’ত কোনে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব সেয়া ঠিৰাং হোৱা নাই ৷ প্ৰতিটো দলৰে নেতাসকলে অতি কৌশলেৰে এই বিষয়টোক আৱৰণ দি ৰখা দেখা গৈছে ৷  

বৃহস্পতিবাৰে আজাৰাত গুণোৎসৱত উপস্থিত থকাৰ সময়তে সাংবাদিকে সোধা প্ৰশ্নৰ অতি কৌশলী উত্তৰ দিয়ে অগপৰ সভাপতি অতুল বৰাই ৷ তেওঁ কয় যে, অতি সোনকালে এই বিষয়টো আলোচনা কৰা হ’ব ৷ প্ৰতিটো সমষ্টিতে দলৰ শক্তি নিৰীক্ষণৰ বাবে জৰীপ চলাই থকা হৈছে, সেই অনুসৰিয়েই দলৰ স্থিতি শক্তিশালী হৈ থকা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী থিয় কৰোৱা হ’ব বুলি জনায় অতুল বৰাই ৷ তেওঁ লগতে কয় যে অকল নিজৰ সুবিধাৰ কথা চালেই নহ’ব, বাকী দুটা দলৰ সুবিধাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব ৷ কিন্তু আসন বুজাবুজি সন্দৰ্ভত বৰ্তমানলৈকে কোনো নিশ্চিত উত্তৰ দিব পৰা নাই অগপ নেতৃত্বই ৷

লগতে পঢ়ক: আমিনগাঁৱত বিজেপিৰ নিৰ্বাচনী পৰিকল্পনা সমিতিৰ বৈঠক; নিৰ্বাচনত 10% ভোট বৃদ্ধিৰ লক্ষ্য দলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.