Asian Games 2023 : এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত অসম কন্যা লাভলীনাৰ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 3:53 PM IST

thumbnail

সৰুপথাৰ, 30 ছেপ্টেম্বৰ : চীনত অনুষ্ঠিত এছিয়ান গেমছৰ বক্সিংৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ ব্যৱধানত পৰাস্ত কৰি জয় লাভ অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৷ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছৰ বক্সিং কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ চুইয়ন চেয়ঙৰ বিৰুদ্ধে লাভলীনা বৰগোহাঁইয়ে ৫-০ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় ৷ এই জয়েৰে ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিবলৈ সক্ষম হৈছে লাভলীনা ৷  

কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ চুইয়ন চেয়ঙৰ বিৰুদ্ধে আজি 75 কেজি শাখাত বক্সিং ৰিঙত নামিছিল গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়াৰী লাভলীনা বৰগোহাঁইয়ে । এই জয়েৰে বিশ্ব চেম্পিয়ন লাভলীনাৰ কমেও ব্ৰঞ্জৰ পদক নিশ্চিত হৈছে ৷ খেলুৱৈ গৰাকী ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পাছতেই ৰাজ্যবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে পিতৃ টিকেন বৰগোহাঁই আৰু প্ৰশিক্ষক প্ৰশান্ত দাস ৷ 

লগতে পঢ়ক : Asian Games 2023 : দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে আজি ৰিঙত নামিব অসমকন্যা লাভলীনা, আব্যাহত আশা-প্ৰত্যাশা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.