ভোগালীৰ উৰুকাত ৰঙিয়াত এখন বিশেষ লটাৰী খেল

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 7:59 PM IST

thumbnail

ৰঙিয়া, 14 জানুৱাৰী: ভোগালী বিহুৰ উৰুকাৰ দিনটোত ৰঙিয়াত এখন বিশেষ লটাৰী খেল লটাৰী খেলখনে দৃষ্টি আকৰ্ষণ কৰিলে সচেতন সমাজৰ । ৰঙিয়া নগৰৰ ১ নং ৱাৰ্ডত অনুষ্ঠিত হোৱা খেলখনৰ দুটা ইতিবাচক বাৰ্তাই সকলো সচেতন সমাজক উৎসাহিত কৰিছে । বৰবিহ ড্ৰাগছ সেৱনৰ পৰা দূৰত থকাৰ লগতে মদ্যপান কৰি যান-বাহন চলোৱাৰ পৰা বিৰত থকাৰ আহ্বানেৰে আয়োজন কৰা হয় বিশেষ লটাৰী খেলখন ।

প্ৰথম পুৰস্কাৰ হিচাবে থকা এটা তেজাল পঠাৰ পেটত আঁৰি ৰাখে বিশেষ বাৰ্তা দুটা । উপহাৰৰ কুপন কিনিবলৈ অহা গ্ৰাহকসকলক ড্ৰাগছমুক্ত ৰঙিয়া আৰু মদ্যপান কৰি যান-বাহন নচলাবলৈ সজাগ কৰা হয় । ইয়াৰোপৰি ড্ৰাগছ সেৱনৰ ফলত নিজৰ জীৱন-যৌৱন আৰু পৰিয়ালটো কিদৰে নিঃশেষ হৈ যায় তাৰ প্ৰতিও লক্ষ্য ৰাখি সজাগ হ’বলৈ আহ্বান জনায় উদ্যোক্তাসকলে ।

লগতে পঢ়ক: ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.