লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কাজিৰঙা ভ্ৰমণ
🎬 Watch Now: Feature Video
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণৰ উদ্দেশ্যৰে দেওবাৰে বোকাখাতত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা(Lok Sabha Speaker Om Birla to visit Kaziranga) ৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত অধ্যক্ষগৰাকীয়ে অৱতৰণ কৰাৰ পাছত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷ বোকাখাততে লোকসভাৰ অধ্যক্ষগৰাকীক(Lok Sabha Speaker Om Birla) বিভিন্ন দল-সংগঠনে গামোচা, চেলেং, শৰাই, গঁড় আদিৰে আদৰণি জনায় ৷ ইয়াৰ পাছত অধ্যক্ষগৰাকীয়ে অসমৰ জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে ৷ বোকাখাতৰ পৰা পোনে পোনে কাজিৰঙাৰ হাতীখুলি চাহ বাগিচালৈ যাব অধ্যক্ষগৰাকী ৷ হাতীখুলি চাহ বাগিচাৰ কিছু সময় কটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰিব লোকসভাৰ অধ্যক্ষগৰাকীয়ে(Jeep safari in Kaziranga national park) । বাগৰিত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুনৰ বোকাখাতৰ পৰা হেলিকপ্তাৰেৰে গুৱাহাটীলৈ ৰাওনা হ'ব অধ্যক্ষগৰাকী ।