Jorhat Municipal Board scam: যোৰহাট পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

By

Published : Feb 7, 2023, 7:55 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

যোৰহাট, 7 ফেব্ৰুৱাৰী: পুনৰ বিৰ্তকৰ আৱৰ্তত যোৰহাট পৌৰসভা (Jorhat municipal board scam)। যোৰহাটৰ ১ নং ৱাৰ্ডত পৌৰসভাৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি পথ নিৰ্মাণ কৰি যোৰহাট পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Locals protested against Jorhat municipal board ) ৷  

যোৰহাটৰ ১ নং ৱাৰ্ডত থকা পথটো দীৰ্ঘদিন ধৰি বিধস্ত হৈ পৰি থকাৰ ফলত পথটো মেৰামতিৰ বাবে  স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছিল ৷ পিচে এই সমস্যা নতুন নহয় এই সমস্যাৰাজি বছৰ বছৰ ধৰি চলি অহা সমস্যা । ৰাইজে উক্ত বিষয়ে বাৰম্বাৰ পৌৰসভাক অৱগত কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে (Locals protested against poor road condition) ৷

লগতে প্ৰতিবাদকাৰী ৰাইজে কয় যে ৰাইজ বিগত বছৰ বছৰ ধৰি পৌৰসভাৰ বঞ্চনাৰ সন্মুখীন হৈ আহিছে ৷ বিগত বৰ্ষসমুহতো তেওঁলোকে প্ৰতিবাদ কৰিছিল যদিও এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা নকৰিলে বিভাগে ৷ অৱশেষত মঙলবাৰে  ১ নং ৱাৰ্ডৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নিজেই হাতে কামে লাগি ভগ্নপ্ৰায় পথটো পুনৰ নিৰ্মাণ কৰে ৷  ইয়াৰ উপৰিও যোৰহাট চহৰৰ মাজমজিয়াৰ অঞ্চলটোত বিজ্ঞানসন্মতভাৱে উপযুক্তভাবে নলা নৰ্দমা নিৰ্মাণ নকৰা বাবে পানী ওলাই যোৱাত অসুবিধা হয়, সেইবাবে বাৰিষা তথা খৰালি সকলো সময়তে পানীয়ে লগ লেতেৰা পানীয়ে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে ৷  

প্ৰতিবাদকাৰী ৰাইজে অনতিপলমে যোৰহাট পৌৰসভাক এই সমস্যাসমুহ শীঘ্ৰে সমাধান কৰিবলৈ আহ্বান জনায় (Jorhat municipal board) ৷ অন্যথা প্ৰতিবাদকাৰীসকলে অনাগত সময়ত বৃহৎ প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হুংকাৰ দিয়ে ৷ লগতে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে।  

উল্লেখ্য যে বিজেপি শাসিত যোৰহাট পৌৰসভাই কাৰ্যকাল গ্ৰহণ কৰাৰ সময়ৰ পৰাই ৰাইজ সমস্যা সমাধানত সম্পূৰ্ণ ৰূপে বিফল হোৱা লগতে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে বুলি ক্ষুব্ধ ৰাইজে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Divyangjan Mancha Protest: নিযুক্তি দিয়ক নহ’লে গুলিয়াই মাৰক, এই দাবীৰে ৰাজ্যৰ দিব‍্যাংগসকলৰ প্ৰতিবাদ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.