Protest in Mangaldoi: আৰক্ষীৰ ব্যৱহাৰত ক্ষুব্ধ এজাক জনতাই ঘেৰাও কৰিলে থানা - মঙলদৈ থানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18217905-thumbnail-16x9-kalfootpeoplearrps.jpg)
মঙলদৈ, 10 এপ্ৰিল : দীঘলীয়া সময় ধৰি আৰক্ষীৰ ব্যৱহাৰত ক্ষুণ্ণ হৈ অৱশেষত থানা ঘেৰাও কৰিলে ৰাইজে ৷ ঘটনাৰ সম্পূৰ্ণ তদন্ত বিচাৰি মঙলদৈ থানাত উপস্থিত হ’ল মোৱামাৰী চাপৰিৰ এজাক পুৰুষ-মহিলা ৷ এটা হত্যাকাণ্ডৰ লগত জড়িত নথকা গাঁওখনৰ এজন বয়সস্থ লোকক মাতি আনি জেলত ভৰাই থোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় জনতা (Locals gathered in Mangaldoi Police Station) ৷
আৰক্ষীয়ে ঘটনাৰ উচিত তদন্ত নকৰি ঘটনাৰ লগত জড়িত নথকা স্থানীয় ব্যক্তিক আটক কৰাৰ অভিযোগ তুলিছে এই সকল ৰাইজে । কিছুদিন পূৰ্বে মঙলদৈৰ নিকটৱৰ্তী মোৱামাৰী চাপৰিৰ চিত্ৰ পোদ্দাৰৰ ৰহস্যজনক মৃত্যু হৈছিল (suspicious murder of Chitra Poddar)। এই সম্পৰ্কত পৰিয়ালৰ লোকে মঙলদৈ থানাত ঘটনাৰ উচিত তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঘটনাৰ উচিত তদন্ত নকৰি বৰঞ্চ ঘটনাৰ লগত জড়িত নথকা স্থানীয় ব্যক্তিক আটক কৰে ।
উল্লেখযোগ্য যে, স্থানীয় ৰাইজৰ অভিযোগ মতে মৃত ব্যক্তি জন বিদুৎস্পৃষ্ট হৈহে মৃত্যু মুখত পৰিছিল । ইয়াকে লৈ মঙলদৈ থানাত তিনি শতাধিক পুৰুষ মহিলা উপস্থিত হৈ আটক কৰা নিৰ্দোষী ব্যক্তি সকলক মোকলাই দিবৰ বাবে দাবী উত্থাপন কৰে, অন্যথা পৰৱৰ্তী সময়ত ৰাজপথ ঘেৰাও কৰাৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Public protest at Kalgachia: বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ ধৰ্ণা