bhelaghar at Amguri: ইজিপ্তৰ পিৰামিডৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণত ব্যস্ত আমগুৰিবাসী - অসমীয়াৰ চেনেহৰ ভোগালী বিহুটি
🎬 Watch Now: Feature Video
ৰাজ্যজুৰি ভোগালী বিহুক লৈ ব্যাপক উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে (locals are busy building bhelaghar)৷ অসমীয়াৰ চেনেহৰ ভোগালী বিহুটি উদযাপনৰ কাৰণে সাজু হৈ উঠিছে প্ৰত্যেকগৰাকী অসমীয়া (Bhelaghar on the pattern of Pyramids)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শিৱসাগৰ জিলাৰ আমগুৰিৰ দেওধাই গাঁওৰ দেউৰী চুকত ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে (Amguri people build Bhelaghar)৷ ইজিপ্তৰ পিৰামিডৰ আৰ্হিত দেউৰী চুকত যুৱক-যুৱতী, মহিলা সকলো ভেলাঘৰ নিৰ্মাণ কৰিছে ৷ প্ৰতিবাৰৰ দৰে দেউৰী চুকৰ ৭৫ টা পৰিয়ালে পৰম্পৰা ৰক্ষা কৰি যোৱা বহু বছৰ ধৰি সম্প্ৰীতি আৰু একতাৰে ভোগালী বিহু উদযাপন কৰি আহিছে ৷ প্ৰত্যেক বছৰে দেউৰী চুকৰ যুৱকসকল একত্ৰিত হৈ ভিন্ন আৰ্হিত ভেলাঘৰ সাজি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST