Protest in Baksa : বাক্সাৰ বৰিকাদঙাত বালি মহল বন্ধৰ দাবীত শতাধিক ৰাইজৰ প্ৰতিবাদ - গৰাখহনীয়া

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:41 PM IST

বাক্সা, ১৩ ছেপ্টেম্বৰ : আমাক জীয়াই থাকিবলৈ দিয়ক, আমাৰ ভেঁটি-মাটি উচন হ’বলৈ নিদিব, বালি মহল বন্ধ কৰক আদি শ্লোগানেৰে বাক্সাৰ পাগলাদিয়া নদীৰ পাৰত প্ৰতিবাদ সাব্যস্ত শতাধিক ৰাইজৰ ৷ পাগলাদিয়াৰ বালি মহলৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক লোক ৷ বাক্সা জিলাৰ বৰিকাদঙাত বুধবাৰে সহস্ৰাধিক লোকে বালি মহলৰ বিৰুদ্ধে নামিল প্ৰতিবাদত ৷

উল্লেখ্য যে বাক্সা জিলাৰ বাতাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰিকাদঙাত বন বিভাগে আৱন্টন দিছিল এটি বালি মহল ৷ জানিব পৰা মতে বালি মহলটো আৱন্টন লাভ কৰিছিল বিজেপি নেতা ৰিদীপ ডেকাই ৷ কিন্তু বালি মহলটো স্থাপনৰ পাচতে পাগলাদিয়া নৈৰ সুঁতি সলনি হৈ বৰিকাদঙা অঞ্চলত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হয় ৷

বিগত সময়চোৱাত অৰ্ধশতাধিক বিঘা খেতি-মাটি নদীৰ বুকুত জাহ যায় ৷ যাৰবাবে অঞ্চলটোৰ ৰাইজে বালি মহল বন্ধ কৰাৰ দাবীত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৰুষ- মহিলাসহ প্ৰায় সহস্ৰাধিক লোকে পাগলাদিয়া নদীৰ বুকুত গৈ বালিমহল বন্ধ কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদকাৰী সকলে বালিমহল বন্ধ নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : Scam in Govt scheme: অস্তিত্ব নোহোৱা আঁচনিৰ নামত ধন আৱন্টনৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.