thumbnail

International Tiger Day Celebration: গুৱাহাটী লায়ন্স ক্লাৱৰ তোলনীয়া পুত্ৰ হ’ল শুভম

By

Published : Jul 30, 2023, 7:28 AM IST

গুৱাহাটী, 30 জুলাই : আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি লায়ন্স ক্লাৱ, গুৱাহাটীয়ে চিৰিয়াখানা কৰ্তৃপক্ষৰ সহযোগত অসম ৰাজ্যিক চিৰিয়াখানাত শনিবাৰে ৰূপায়ণ কৰে এক সজাগতামূলক কাৰ্যসূচী । জন্তুক আক্ৰমণ কৰাৰ পৰিৱৰ্তে মৰম কৰিবলৈ জনতাৰ প্ৰতি আহ্বান জনায় লায়ন্স ক্লাৱে ৷

আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি লায়ন্স ক্লাৱে চিৰিয়াখানাত থকা শুভম নামৰ এটা ঢেঁকীয়াপতীয়া বাঘক এবছৰৰ বাবে তুলি লৈ নিজা খৰচত লালন-পালনৰ দায়িত্ব গ্ৰহণ কৰে । লগতে লায়ন্স ক্লাৱৰ তৰফৰ পৰা চিৰিয়াখানা কৰ্তৃপক্ষক 75 হাজাৰ টকাৰ এখন চেকো প্ৰদান কৰে ।

মন কৰিবলগীয়া কথা এই যে, বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাত 9 টা বাঘ আছে ৷ লগতে প্ৰায় 90 জন কৰ্মচাৰীয়ে কাম কৰি আছে । শনিবাৰে  অসম ৰাজ্যিক চিৰিয়াখানাত লায়ন্স ক্লাৱে আয়োজন কৰা এই অনুষ্ঠানত অসম ৰাজ্যিক চিৰিয়াখানাৰ বিষয়া অপৰাজিতা বৰা; লায়ন্স ক্লাৱ, গুৱাহাটীৰ সভাপতি অজয় পোদ্দাৰ, সম্পাদক ৰাজেশ ভূত, লিঅ’ গাৰ্লছ, লিঅ’ বয়ছ, ৰতন গোৱেংকা, কিষাণ লোহিয়া, পি ডি মিৰানিয়া, দিলীপ চাৰাফ, মদন গাৰ্গ, দলজিৎ সিং, কিশোৰ ছাবু, আনন্দ আয়াৰ আদি উপস্থিত থাকে ।

উল্লেখযোগ্য যে, 1973 চনত ভাৰতত আছিল সৰ্বমুঠ 273 টা বাঘ । 2022 বৰ্ষৰ গণনা অনুসৰি ভাৰতত আছে সৰ্বমুঠ 3167 টা বাঘ আছে বুলি জানিব পৰা গৈছে । বিশ্বৰ 75% বাঘেই আছে ভাৰতত । স্বাভাৱিকতে ‘‘Project Tiger’’ গ্ৰহণৰ পিচত ভৱিষ্যতেও বাঘৰ সংখ্যা অসম তথা ভাৰত বৰ্ষাটো বৃদ্ধি পাব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক : World Tiger Day: আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.