Lifetime Achievement Award:সংস্কৃতিৰ সাধক মাজুলীৰ দীনাৰাম বৰালৈ জীৱন জোৰা সাধনা বঁটা - Lifetime Achievement Award to Dinaram Bara
🎬 Watch Now: Feature Video
Published : Oct 12, 2023, 2:21 PM IST
মাজুলী, 12 অক্টোবৰ : বিগত ৮ অক্টোবৰত গুৱাহাটীৰ শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক মহাসভা অসমে অনুষ্ঠিত কৰে এক বৰ্ণাঢ্য অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সত্ৰ নগৰী মাজুলীৰ ফুলনি চাৰিআলিৰ বাসিন্দা তথা শ্ৰীৰাম বনমালী দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অভিনেতা, নাট্যকাৰ শংকৰী সংস্কৃতিৰ সাধক দীনাৰাম বৰালৈ জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে ।
দীনাৰাম বৰা শৈশৱৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ফুলনি অঞ্চলত ৰাস, ভাওনা, নাট, অভিনয় আদিৰ লগতে সাংস্কৃতিক জগতখনৰ সৈতে সাঙোৰ খাই আছে ৷ সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ সকলোৰে পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ শংকৰী কলা কৃষ্টি চৰ্চা কৰি কীৰ্ত্তন, ভাগৱত, বৰগীত, দিহানাম আদিত পাৰ্গত হৈ উঠে । এই সন্মান লাভ কৰি অতিকৈ আনন্দিত মাজুলী ফুলনি চাৰিআলিৰ বাসিন্দা দীনাৰাম বৰা ।
লগতে পঢ়ক : NSD Student Perform Bhaona: ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে ৰাম বিজয়