Leopard caged: 15 দিন ধৰি ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী পিঞ্জৰাবদ্ধ - Leopards caged in jorhat
🎬 Watch Now: Feature Video
যোৰহাট, 15 জুলাই : যোৰহাটৰ ওপৰ-গৰুমৰাত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী বাঘ ৷ বিগত 15 দিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে ৷ যোৰহাট জিলাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট তথা দেৰগাঁৱৰ সমষ্টি ওপৰ-গৰুমৰা অঞ্চলটোত মাইকী নাহৰফুটুকী বাঘটোৱে বিগত দিন ধৰি পশুধন ভক্ষণ কৰাৰ লগতে গাঁৱৰ কেইবাজনো ব্যক্তিক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল ৷ বাঘৰ আক্ৰমণত এজন যুৱক আঘাতপ্ৰাপ্ত হৈ বৰ্তমানো যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত চিকিৎসাধীন অৱস্থাত থাকিবলগীয়া হৈছে ৷
বাঘটোৰ মুক্ত বিচৰণ আৰু সন্ত্ৰাসৰ কথা গাঁৱৰ ৰাইজে যোৰহাটৰ বন বনবিভাগক অৱগত কৰিছিল ৷ গাঁওবাসীয়ে বনবিভাগক অঞ্চলটোত পিঞ্জৰা পাতিবলৈ অনুৰোধ কৰিছিল ৷ তাৰ পিচতে বন বিভাগৰ ফালৰ পৰা অঞ্চলটোত তিনিদিন পূৰ্বে এটা পিঞ্জৰা পাতিছিল ৷ বনবিভাগে পতা পিঞ্জৰাত শনিবাৰে বাঘটো পিঞ্জৰাবদ্ধ হয় ৷ ইতিমধ্যে বনবিভাগৰ লোক ওপৰ গৰুমৰা অঞ্চললৈ গৈ বাঘটো চমজি লৈছে ৷
লগতে পঢ়ক: London Book of World Records: লণ্ডন বুক অৱ ৱ'ৰ্ল্ড ৰেকৰ্ডত নগাঁৱৰ নিহাৰিকা দাস