মাজুলীৰ জনাঞ্চলত নাহৰফুটুকীৰ ত্ৰাস - নাহৰফুটুকীৰ ত্ৰাস
🎬 Watch Now: Feature Video


Published : Dec 27, 2023, 3:36 PM IST
মাজুলী, 27 ডিচেম্বৰ : বনৰীয়া হাতীৰ পাছত এইবাৰ সত্ৰপীঠ মাজুলীত নাহৰফুটুকীৰ ত্ৰাস ৷ পূব মাজুলীৰ শালমৰাত কেইবাটাও পৰিয়ালৰ গৰু আৰু ছাগলী নাহৰফুটুকীয়ে মৰাৰ সন্দহ ৷ চাপৰিত চৰিবলৈ যোৱা গৰু-ছাগলী নাহৰফুটুকীয়ে বধ কৰাৰ সন্দেহ বন বিভাগৰ লগতে স্থানীয় লোকৰ ৷
দুজনী গৰুৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও এতিয়ালৈকে গৰাকীয়ে বিচাৰি পোৱা নাই কেইবাজনী গৰু ৷ অঞ্চলটিত বন বিভাগৰ লোক উপস্থিত হৈ গাঁৱৰ ৰাইজৰ উপস্থিতিত উদ্ধাৰ হোৱা গৰুৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷
গৰুৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকে এয়া নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে মাজুলীৰ বন বিভাগে শালমৰা ৰিজাৰ্ভৰ ভিতৰত কোনো লোকে যাতে প্ৰৱেশ নকৰে তাৰ বাবে আহ্বান জনাইছে ৷ ৰিজাৰ্ভখনৰ ভিতৰত নাহৰফুটুকী থকাৰ সন্দেহ কৰিছে মাজুলীৰ বন বিভাগে ৷
লগতে পঢ়ক : কামপুৰত হাতীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ নেদেখাজনক ৰাইজে জনালে সেৱা