টেঙাখাতত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী - টেঙাখাত আৰক্ষী থানা
🎬 Watch Now: Feature Video


Published : Dec 13, 2023, 12:42 PM IST
ডিব্ৰুগড়, 13 ডিচেম্বৰ: ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত এতিয়া বাঘৰ আতংক ৷ সন্ধিয়া হ'লেই ঘৰৰ পৰা ভয়তে ওলোৱা-সোমোৱা বন্ধ কৰি দিছে স্থানীয় লোকে । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বাঘে দিনতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰিছে বুলিও স্থানীয় লোকে জনায় ৷
আতংকৰ পৰিৱেশ অব্যাহত থকাৰ সময়তে টেঙাখাতৰ টিংৰাই হোলা গাঁৱত নিশা পিঞ্জৰাৱদ্ধ হ'ল এটা নাহৰফুটুকী । টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাইহোলা গাঁৱত বহুদিনৰে পৰা ৰাইজৰ পোহনীয়া গৰু, ছাগলী ভক্ষণ কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পাছতেই ৰাইজৰ সহযোগত তিনিচুকীয়া বনমণ্ডলে এটা পিঞ্জৰা স্থাপন কৰিছিল ।
নাহৰফুটুকীটোক পিঞ্জৰাৱদ্ধ কৰিবলৈ অৱশেষত সক্ষম হোৱাত ৰাইজে কিছু হ'লেও সকাহ লাভ কৰিছে । অঞ্চলটোত আৰু বহুকেইটা বাঘ থকাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে । ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে পিঞ্জৰাৱদ্ধ নাহৰফুটুকী বাঘটো ।