Leopard caged at Tengakhat: টেঙাখাতত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - নাহৰফুটুকী পিঞ্জৰাবদ্ধ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-07-2023/640-480-19045089-thumbnail-16x9-leopard.jpg)
নাহৰকটীয়া, 19 জুলাই: টেঙাখাটত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ টেঙাখাতৰ পানধোৱা গাঁৱত নাহৰফুটুকীৰ আতংক ৷ বুধবাৰে পুৱতি নিশা বন বিভাগে স্থাপন কৰা পিঞ্জৰাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় অঞ্চলটোত ৷ জানিব পৰা মতে নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷
নাহৰফুটুকীটোৱে গাঁৱৰ ৰাইজৰ গৰু-ছাগলীকে ধৰি পশুধনসমূহ নিধন কৰি আহিছিল ৷ অৱশেষত বন বিভাগে স্থাপন কৰা এটা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ লাভ কৰি বুধবাৰে পুৱাৰ ভাগত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটো নিজৰ দায়িত্বত লৈ জয়পুৰ দিহিং পাটকাইত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Leopard Caged: ডিব্ৰুগড়ত দুদিনত দুটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ