thumbnail

Leopard caged at Chabua: চাবুৱাৰ বালিজান পানী এৰাত পিঞ্জাৰাৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:22 PM IST

ডিব্ৰুগড়, 27 আগষ্ট : ডিব্ৰুগড়ৰ চাবুৱা বালিজান পানী এৰাত দেওবাৰে পিঞ্জাৰাৱদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী । প্ৰায় দুমাহ ধৰি চাবুৱাৰ বালিজান পানীএৰাত এই বাঘটোৱে সৃষ্টি কৰি আহিছিল এক আতংকৰ । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে উক্ত অঞ্চলত তিনিদিন পূৰ্বে বন বিভাগৰ লোকে এটা পিঞ্জৰা পাতিছিল ৷

বন বিভাগে পতা এই পিঞ্জৰাত পিঞ্জাৰাবদ্ধ হয় এই প্ৰকাণ্ড নাহৰফুটুকীটো । ইফালে এই খবৰ বিয়পি পৰাৰ পাচতেই নাহৰফুটুকী বাঘ চাবলৈ উক্ত স্থানৰ বহু ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে পিঞ্জাৰাৱদ্ধ নাহৰফুটুকী বাঘটো ।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ মুক্ত বিচৰণে ৰাইজৰ মাজত আতংক সৃষ্টি কৰি আহিছে । বিশেষকৈ খোৱাং, টিংখাঙৰ লগতে ডিব্ৰুগড় চহৰৰ দাঁতি কাষৰীয়া বহু কেইখন চাহ বাগিচাত বিগত কেইমাহত বহু কেইটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হৈছিল যদিও জিলাখনত কমা নাই বাঘৰ আতংক ।

লগতে পঢ়ক : Floating bamboo bridge: লাখ টকা ব্যয়েৰে ৰাইজে সাজিলে ওপঙা সেতু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.