Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ আঁৰত আছে ৰাজনৈতিক অভিসন্ধি; দেৱব্ৰত শইকীয়া - leader of opposition debabrata saikia
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৩ আগষ্ট: ষড়যন্ত্রমূলকভাৱে প্ৰকাশ কৰা হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা । এই অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
যোৱা 11 আগষ্টত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশিত হোৱাত সৃষ্টি হোৱা বহুতো খেলিমেলিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হৈছিল । উক্ত গোচৰৰ ওপৰত ন্যায়ালয়ে নিৰ্বাচনী আয়োগৰ পৰা ৩ সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছিল । কিন্তু সেই উত্তৰ দিয়াৰ পূৰ্বে চক্ৰান্তমূলকভাৱে নিৰ্বাচনী আয়োগে চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ।
আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ বিসংগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, বিশেষকৈ তেওঁৰ নাজিৰা সমষ্টিৰ মাজমজিয়াতে থকা এটা পঞ্চায়ত শিৱসাগৰ সমষ্টিৰ লগত সংযোগ কৰি দিলে । সেইদৰে পূৰ্বৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত নাজিৰা সমষ্টিৰ কাষতে লাগি থকা এটা পঞ্চায়ত নাজিৰাৰ পৰা আঁতৰাই দিছে । এয়া এক ৰাজনৈতিক অভিসন্ধি ৷ খচৰা আৰু চূড়ান্ত তালিকাৰ মাজত যথেষ্ট তাৰতম্য আছে বুলি সদৰী কৰে বিৰোধী দলপতিগৰাকীয়ে ৷