Former CM Tarun Gogoi 89th birthday: ৮৯ তম জন্মদিনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ তিতাবৰবাসীৰ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 1:40 PM IST

thumbnail

তিতাবৰ, 11 অক্টোবৰ : আজি বুধবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৮৯ তম জন্মদিন । তিতাবৰ সমষ্টিৰ পৰাই তিনিবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত তৰুণ গগৈয়ে । তিতাবৰত দিনজোৰা কাৰ্যসূচীৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৮৯ তম জন্ম দিন উদযাপন কৰা হৈছে ৷

তিতাবৰত তিতাবৰ ব্লক কংগ্ৰেছৰ কমিটিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে । প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি পুৱাই চাফাই অভিযান আৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে । ইয়াৰ পাচতে এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ।

তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে বিধায়ক ভাস্কৰ বৰুৱাৰ লগতে ব্লক কংগ্ৰেছৰ কৰ্মীসকলে । মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি তৰুণ গগৈৰ জীৱন পৰিক্ৰমাৰ ওপৰত এক অনলাইন বক্তৃতা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । জন্মদিনৰ দিনা তিতাবৰৰ প্ৰজ্ঞালয় বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এসাজ ভাতৰ ব্যৱস্থা কৰে তিতাবৰ ব্লক কংগ্ৰেছ কমিটিয়ে । সন্ধিয়ালৈ তিতাবৰ বিভিন্ন অঞ্চলত বন্তি প্ৰজ্বলন কৰিব তিতাবৰ ব্লক কংগ্ৰেছ কমিটিয়ে ৷

লগতে পঢ়ক : UPSC APSC training camp:মাজুলীৰ বিধায়কৰ প্ৰশংসনীয় পদক্ষেপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.