Lat Mandal arrested: মই দুৰ্নীতি কৰা নাই, মোক ফচাইছে: প্ৰাঞ্জল বৰা - Lat mandal arrested at Kaliabor
🎬 Watch Now: Feature Video
কলিয়াবৰ, 3 মাৰ্চ: মই দুৰ্নীতি কৰা নাই, মোক ফচাইছে – প্ৰায় 7 ঘণ্টা জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়া লাট মণ্ডল প্ৰাঞ্জল বৰাৰ ভাষ্য এয়া (Lat mandal arrested) ৷ শুকুৰবাৰে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভগীয়া মৌজাৰ ৪ নং লাটৰ লাট মণ্ডল প্ৰাঞ্জল বৰাই ভূমিৰ অনুমতি উলিয়াই দিয়াৰ নামত এগৰাকী লোকৰ পৰা তিনি হাজাৰ টকা ঘোচ হিচাপে বিচাৰিছিল ৷ শুকুৰবাৰে দুহাজাৰ টকা আগধন হিচাপে লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত হাতে-লোটে ধৰা পৰে লাট মণ্ডল প্ৰাঞ্জল বৰা (Lat mandal arrested at Kaliabor)।
তাৰ পিচতে লাট মণ্ডলজনক মাৰাথান জেৰা অব্যাহত ৰাখিছিল দুৰ্নীতি নিবাৰক শাখাই ৷ ইফালে প্ৰাঞ্জলে মাটিৰ কামৰ বাবে টকা বিচৰা এক ভিডিঅ’ গোপন কেমেৰাত বন্দী হোৱা দৃশ্য ইতিমধ্যে ব্যাপকভাৱে ভাইৰেল হৈছে ৷ এই ভিডিঅ’টোত 'বাইদেউক পাঁচশ টকা দিব লাগিব' উল্লেখ কৰিছিল লাট মণ্ডলজনে ৷ এই ঘটনা সন্দৰ্ভত প্ৰাঞ্জল বৰাৰ পত্নীয়ে একেসুৰতে সুৰ মিলাই মোৰ স্বামী নিৰ্দোষী বুলি মন্তব্য প্ৰকাশ কৰে ৷
ইফালে অভিযোগকাৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে মই 2015 চনৰ পৰা এই মাটিখিনিৰ কামৰ বাবে অহা যোৱা কৰি থাকিবলগীয়া হৈছে ৷ কিন্তু মোৰ কোনো কাম কৰি দিয়া নাই ৷ মণ্ডলজনে মোক 2000 টকা দিলেহে কাম কৰি দিম বুলি দাবী কৰিছিল (Lat Mandal arrested for bribe) ৷ মোক 27 ফেব্ৰুৱাৰীৰ পৰা লাট মণ্ডলজনে ধন দাবী কৰি আছিল ৷
আনহাতে, চক্ৰ বিষয়া নিতীশা বৰাই কাৰ্যালয়ত কোনো ধৰণৰ দুৰ্নীতি প্ৰশ্ৰয় দিয়া নহয় বুলি উল্লেখ কৰে । তেওঁ ভৱিষ্যতেও যাতে এনে কাৰ্য সংঘটিত নহয় তাৰবাবে সকলো পক্ষকে সচেতন হৈ থাকিবলৈ আহ্বান জনায় । দুৰ্নীতি নিবাৰক শাখাৰ পদক্ষেপক চক্ৰ বিষয়াগৰাকীয়ে আদৰণি জনাইছে ৷
লগতে পঢ়ক: Lat Mandal Arrested at Kaliabor : ২০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল