কাইলৈ ৰাস পূৰ্ণিমা; সাজু নামনি মাজুলীৰ নলদোৱাৰ যুৱক কৃষ্টি সংঘ - মাজুলীৰ নলদোৱাৰ যুৱক কৃষ্টি সংঘ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:20 AM IST

মাজুলী, ২৫ নৱেম্বৰ : ৰাস উৎসৱৰ মূৰ্চ্ছনাত বিলীন সত্ৰপীঠ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত সত্ৰ নগৰী মাজুলী । ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু মঞ্চসমূহ । ১২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত অনুষ্ঠিত হ'ব ৰাস ।

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ লৈ মাজত এটা দিন বাকী ৷ সেয়ে দিনে-নিশায়ে চলিছে ৰাসৰ আখৰা । বাদ পৰি ৰোৱা নাই নামনি মাজুলীৰ নলদোৱাৰ যুৱক কৃষ্টি সংঘও । নিশা দুপৰলৈক এই সংঘটো চলিছে ৰাসৰ আখৰা । এই সংঘত ২৬ আৰু ২৭ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এইবাৰ ৰাস মহোৎসৱ ভাগি ।

অভিনেত্ৰী তৰুলতা কুটুমে এই সংঘত দুয়োটা দিনতে অভিনয় কৰিব । সেয়ে অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীলৈ সকলো ৰাসপ্ৰেমী ৰাইজক আমন্ত্ৰণ জনাইছে আয়োজকসকলে ৷

লগতে পঢ়ক : উত্তৰ কমলাবাৰী সত্ৰৰ ৩৫০ বছৰীয়া গৌৰৱোজ্বল ৰাসৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.