Awareness Program held in Hojai: শাৰদীয় দুৰ্গা পূজাৰ বাবে তৎপৰ লংকা আৰক্ষী - লংকা পৌৰসভাৰ সভানেত্রী পৰিমিতা ৰায় সাহা
🎬 Watch Now: Feature Video
Published : Oct 9, 2023, 5:29 PM IST
হোজাই, 9 অক্টোবৰ : সমাগত শাৰদীয় দুৰ্গা পূজা ৷ সেয়ে প্ৰশাসনে লৈছে বিশেষ ব্যৱস্থা ৷ যাতে পূজাৰ সময়তে কোনো অশান্তিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাৰ লংকা আৰক্ষীয়ে আয়োজন কৰে সজাগতা সভা ৷ সোমবাৰে লংকা আৰক্ষী থানাত জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুোক দুৰ্গা পূজাত ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত অনুষ্ঠিত হয় সজাগতা সভা।
দুৰ্গা পূজাত পূজা সমিতিসমূহে ল’ব লগীয়া সাৱধানতা, প্ৰশাসনিক নীতি-নিৰ্দেশনা আদি সন্দৰ্ভত উক্ত সজাগতা সভাত আলোচনা কৰা হয় । উক্ত সভাখনত উপস্থিত থাকে অপৰাধ নিয়ন্ত্রণ শাখাৰ হোজাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী, উপ-আৰক্ষী অধীক্ষক শ্যামন্ত শৰ্মা, লংকা ৰাজহ চক্ৰ বিষয়া, লংকা পৌৰসভাৰ সভানেত্রী পাৰমিতা ৰয় সাহাৰ লগতে উপস্থিত থাকে লংকাৰ পূজা সমিতিসমূহৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ ৷
আনহাতে বৰ্তমানলৈকে লংকা চহৰত 65 খন পূজা সমিতিয়ে অনুমতি লৈছে বুলি জানিবলৈ দিয়ে লংকা পৌৰসভাৰ সভানেত্রী পাৰমিতা ৰয় সাহাই ৷
লগেত পঢ়ক:Amrit Kalash Yatra: আকাশী গংগা গাঁও পঞ্চায়তত সম্পন্ন ’অমৃত কলহ যাত্ৰা’