thumbnail

By

Published : Jun 29, 2023, 6:50 PM IST

ETV Bharat / Videos

Assam landslide news: খহি পৰিছে বকো-লাম্পী সংযোগী একমাত্ৰ পথটো

বকো, 29 জুন : বকো-লাম্পী পথত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । খহি গৈ আছে অসম আৰু মেঘালয়ৰ লাম্পী সংযোগী একমাত্ৰ পথটো । বকোৰ কম্পাডলীত সংঘটিত হৈছে এই ঘটনা ।

একেৰাহে বৰষুণ আহি থকাৰ বাবে এই ভূমিস্খলনৰ ঘটনা ঘটে । গাৰ্ড ৱাল ভাঙি খহি গৈছে পথৰ অংশ । মেৰামতি নকৰিলে লাম্পী পথ অধিক খহি যোৱাৰ সম্ভাৱনাই দেখা দিছে । যান-বাহন চলাচল বন্ধ হৈ পৰিব লাম্পী পথেৰে ।

অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগৰ দূৰদৰ্শিতাৰ অভাৱত লাম্পী সংযোগী একমাত্ৰ পথটো পকী হোৱা সত্ত্বেও খহি গৈ মৰণফান্দত পৰিণত হৈছে ৷ এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে অসম-লাম্পী সংযোগী একমাত্ৰ পথটো বিচ্ছিন্ন হৈ পৰিব ।

লগতে পঢ়ক : Landslide in Guwahati: বাৰিষা শেষ নোহোৱা পৰ্যন্ত মহানগৰীত কোনো লোকে কাটিব নোৱাৰিব পাহাৰত মাটি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.