thumbnail

By

Published : Aug 12, 2023, 12:48 PM IST

ETV Bharat / Videos

Distribution of land pattas in Majuli: মাজুলীত ভূমিহীনক ভূমি পট্টা প্ৰদান

মাজুলী,১২ আগষ্ট: মাজুলীত বিধায়ক ভুৱন গামৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এখন লটাৰী খেল । পিছে আনবোৰ লটাৰী খেলৰ দৰে নহয় এইখন লটাৰী খেল । আচলতে মাজুলীৰ বেঙানাআটীৰ সমীপৱৰ্তী বহু পৰিয়ালে গৰাখহনীয়াত ভূমি হেৰুৱাই মাথাউৰিৰ ওপৰতে বসবাস কৰি আহিছিল ।  

এইসকল লোকে স্থায়ী বসতিৰ বাবে বহু দিন ধৰি চৰকাৰক দাবী জনাই আহিছিল । শনিবাৰে এইসকল লোকৰ সপোন পূৰ্ণ কৰি চৰকাৰে প্ৰদান কৰিলে ভূমি । ভূমিহীন ৫০ তাকৈ পৰিয়ালক বিধায়ক ভুবন গাম নিজেই উপস্থিত হৈ প্ৰদান কৰে ভূমি ।  

কেৱল যে ভূমি প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে তেনে নহয় সম্পূৰ্ণ কৰিছে বিদ্যুতৰ ব্যৱস্থা আৰু খোৱাপানী ব্যৱস্থা । ভূমি প্ৰদানৰ পূৰ্বে অনুষ্ঠিত কৰে এখন লটাৰী খেল । এই লটাৰী খেলত ৰখা নম্বৰ অনুসৰি লাভ কৰিলে ভূমি পট্টা । চৰকাৰক ধন্যবাদ জনালে ভূমি লাভ কৰা লোকসকলে । 

লগতে পঢ়ক: Award to senior journalist Shobhit Kumar Chetri : প্ৰয়াত নীলিম চৌধুৰী সোঁৱৰণি সাংবাদিকতা বঁটা শোভিত কুমাৰ ছেত্ৰীলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.