SP Anand Mishra raid: SP আনন্দ মিশ্ৰৰ নেতৃত্বত নাৰায়ণপুৰত অভিযান; জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

By

Published : May 25, 2023, 10:26 PM IST

Updated : May 25, 2023, 10:50 PM IST

thumbnail

বিহপুৰীয়া, 25 মে’ : আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লখিমপুৰ জিলাখনৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচতে ইটোৰ পাচত সিটোকৈ চলাই গৈছে অপৰাধাৰ বিৰুদ্ধে অভিযান (Lakhimpur SP Anand Mishra) ৷ এই অভিযানত ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে কেবাটাও অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ৷ বৃহস্পতিবাৰেও নাৰায়ণপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলোৱা হয় এক অভিযান (SP Anand Mishra’s raid) ।

নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত থকা এজন ভাৰাতীয়াৰ গৃহত অভিযান চলাই আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে । প্ৰায় দুঘন্টা জোৰা অভিযান কালত বুজন পৰিমাণৰ ড্ৰাগছসহ কেইবা লক্ষ্যাধিক টকা জব্দ কৰাৰ লগতে ভাৰাতীয়াগৰাকীকো গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে । ইয়াৰ লগতে এখন মাৰুতি 800, এখন হোণ্ডা এক্সেন্ট, এখন বাজাজ পালচাৰ বাইকো জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।

লগতে পঢ়ক : Smugglers of fake gold: বঙালমৰা আৰক্ষী চকীত নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভিৰ

Last Updated : May 25, 2023, 10:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.