হায়দৰাবাদ: ইলন মাস্কৰ মালিকানাধীন ষ্টাৰ্টআপ xAI য়ে সোমবাৰে মুকলি কৰিব গ্ৰ’ক 3 চেটবট । এই AI টোৱে হ’ব এতিয়ালৈকে মুকলি হোৱা আটাইতকৈ স্মাৰ্ট AI । সোমবাৰৰ নিশা লাইভ ইভেণ্টৰ সময়তো কোম্পানীটোৱে ইয়াৰ ডেমো দিব বুলি ইলন মাস্কে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত জনাইছে ।
Grok 3 চ্যাটবট
যোৱা সপ্তাহত মাস্কে কয় যে গ্ৰ’ক 3 AI ৰ কাম চূড়ান্ত পৰ্যায়ত আছে । এই AI কেইদিনমানৰ পিছত বিশ্ববাসীৰ বাবে মুকলি কৰা হ'ব । OpenAI ৰ ChatGPT ৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মাস্কে Grok 3 AI মুকলি কৰিছে । চীনৰ ষ্টাৰ্টআপ ডিপছিকে যোৱা মাহত কম খৰচী আৰু উচ্চমানৰ চেটবট মুকলি কৰি বিশ্বৰ AI উদ্যোগক স্তম্ভিত কৰি তুলিছিল । প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ হিচাপে বিবেচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এয়া এক প্ৰত্যাহ্বান হিচাপে দেখা গৈছে ।
Grok 3 release with live demo on Monday night at 8pm PT.
— Elon Musk (@elonmusk) February 16, 2025
Smartest AI on Earth.
ডিপছিকৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব
এপল এপ ষ্ট’ৰত ডাউনলোডৰ ক্ষেত্ৰত ডিপছিকে চেটজিপিটিক অতিক্ৰম কৰিছে । চীনে ডিপছিকৰ জৰিয়তে প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকাৰ আধিপত্যৰ অন্ত পেলাইছিল । Grok 3 chatbot এ চীনৰ DeepSeekকো কঠিন প্ৰতিযোগিতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে । যদি Grok 3 chatbot এ DeepSeek ৰ সৈতে প্ৰতিযোগিতা কৰে তেন্তে আমেৰিকাই পুনৰ প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ আধিপত্য বজাই ৰখাত সফল হ’ব বুলি আশা কৰা হৈছে ।
6 বিলিয়ন ডলাৰ সংগ্ৰহ
মাস্কে বাৰে বাৰে কৈ আহিছে যে AI মানৱ সভ্যতাৰ প্ৰতি ভাবুকি, তথাপিও তেওঁ এই ক্ষেত্ৰত ব্যাপক বিনিয়োগৰ বাবে ঠেলি দিছে । ডিচেম্বৰ মাহত এক্সএআইয়ে কৈছিল যে মাস্কে আমেৰিকাৰ ভেঞ্চাৰ কেপিটেলিষ্ট আৰু চিপ নিৰ্মাতা এনভিডিয়া আৰু এএমডিকে ধৰি বিনিয়োগকাৰীৰ পৰা 6 বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে ।
মাস্কৰ প্ৰস্তাৱ নাকচ OpenAI ৰ
OpenAI হৈছে বিশ্বৰ অন্যতম বৃহৎ ষ্টাৰ্টআপ । কোটিপতি মাস্কে OpenAI কিনাৰ প্ৰস্তাৱ দিছিল । কিন্তু কোম্পানীয়ে নাকচ কৰিলে । শুকুৰবাৰে OpenAI ৰ ব’ৰ্ডৰ অধ্যক্ষই কয় যে তেওঁ মাস্কৰ OpenAI ক 97.4 বিলিয়ন ডলাৰত ক্ৰয় কৰাৰ প্ৰস্তাৱ নাকচ কৰিছে ।
লগতে পঢ়ক