জোনাইৰ ল'লাদ গাঁৱত পঃৰাগ উৎসৱৰ লাইখুটা স্থাপন - লাইখুটা স্থাপন
🎬 Watch Now: Feature Video
Published : Dec 6, 2023, 7:36 PM IST
জোনাই, 6 ডিচেম্বৰ : গুমৰাগ নৃত্য, ঐঃনিতমৰ সুৰেৰে জীপাল জোনাইৰ ল'লাদ গাঁও ৷ ৰাইজে পঃৰাগ উদযাপনৰ বাবে স্থাপন কৰিলে লাইখুটা ৷
অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিছিং সকলৰ অন্য এক কৃষি ভিত্তিক উৎসৱ হল পঃৰাগ উৎসৱ ৷ এই উৎসৱটি উদযাপন কৰিবৰ বাবে বুধবাৰে জোনাইৰ ল'লাদ গাঁৱৰ ৰাইজে সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে মূৰংঘৰৰ প্ৰাংগণত লাইখুটা স্থাপন কৰে ৷
গাঁৱৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি বিভিন্ন কাৰণবশতঃ এই উৎসৱটি সুদীৰ্ঘ 45 বছৰে গাওঁখনৰ ৰাইজে উদযাপন কৰিব পৰা নাছিল যদিও এইবাৰ 2024 বৰ্ষৰ মার্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত তিনিদিনীয়া বণাৰ্ঢ্য কাযসুচীৰে উৎসৱটি উদযাপন কৰিবলৈ দিহা কৰিছে ৷
লাইখুটা স্থাপনস্থলীত গাঁৱৰ ডেকা-গাভৰু তথা ৰাইজে ঐঃনিতম আৰু গুমৰাগ নৃত্যৰে জীপাল কৰি তোলে ৷
লগতে পঢ়ক : দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হৰ্ণবিল মহোৎসৱ