All Assam Satnami Yuva Parishad : সদৌ অসম সৎনামী যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

By

Published : Apr 25, 2023, 1:46 PM IST

thumbnail

বিশ্বনাথ, ২৫এপ্রিল : তিনিবছৰীয়া হ’ল সদৌ অসম সৎনামী যুৱ পৰিষদ ৷ সদৌ অসম সৎনামী যুৱ পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে গহপুৰ হেলেমৰ কাউৰীপথাৰত সোমবাৰে স্থাপন কৰা হয় লাইখুঁটা (Foundation Day of All Assam Satnami Yuva parishad)। উল্লেখ্য যে, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হ'ল অসম । ইয়াৰে এক অন্যতম জনগোষ্ঠী হ'ল আদিবাসী সকলৰ সৎনাম ধৰ্মাৱলম্বী লোকসকল অৰ্থাৎ সৎনামীসকল (Lai Khuta laid of All Assam Satnami Yuva parishad)।  

সৎনামী লোকসকলৰ উন্নয়নৰ বাবে সদায় মাত মাতি অহা জাতীয় যুৱ পৰিষদৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ৫ মে'ত কাউৰীপথাৰৰ সৎনাম নামঘৰৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব । ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে আজি লাইখুঁটা স্থাপন কৰা হয় । উক্ত অধিৱেশনখনি সুকলমে সম্পন্ন হোৱাৰ কামনা কৰিছে উদ্যোগতাসকলে ।

লগতে পঢ়ক : Keshab Mahanta Meeting with JICA : গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.