Lachit Divas celebration: ধেমাজিৰ ঐতিহাসিক হাবুঙত লাচিত দিৱস উদযাপন

By

Published : Nov 24, 2022, 10:32 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
সমগ্ৰ ৰাজ্যৰ লগতে স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী ধেমাজিৰ ঐতিহাসিক হাবুঙত আড়ম্বৰতাৰে উদযাপন কৰা হয় ৪০০ বছৰীয়া বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী(Lachit Barphukan 400 birth anniversary) ৷ হাবুং উন্নয়ন পৰিচালনা সমিতি আৰু ধেমাজি জিলা পয় ফুৰালুং সংঘৰ উদ্যোগত আয়োজিত এই লাচিত দিৱসৰ বৃহস্পতিবাৰে পতাকা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই (Lachit Divas celebration at historical place Habung)৷ চ্যাওলুং চ্যুকাফা আৰু লাচিত দিৱসৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ ধেমাজি জিলা পয় পুৰালুং সংঘৰ উপসভাপতি দিগন্ত গগৈয়ে উদ্বোধন কৰা আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোহাঁয়ে আদৰণি ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট তাই পণ্ডিত মানিক গগৈ , সাহিত্যিক , বুৰঞ্জীবিদ উমেশ চেতিয়াকে ধৰি কেইবাজনো বক্তাই বীৰ লাচিতৰ কৃতিত্ব আৰু বীৰত্বৰ মূল্যায়ন কৰে ৷ অনুষ্ঠানত টাই সমবেত সংগীতকে ধৰি ভিন্নসুৰীয়া গীত-মাতো পৰিৱেশন কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.