Lachit 400 birth anniversary: হোজাইত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী - ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ প্ৰস্তুতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 18, 2022, 7:46 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে হোজাই জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে সম্বোধন কৰে এখন সংবাদমেল (400 birth anniversary of Lachit Borphukan)। বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলখনৰ জৰিয়তে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী জিলাখনত কেনেধৰণে পালন কৰা হব সেয়া অৱগত কৰা হয়(Lachit Divas Celebrate in Nagaon) ৷ আজিৰে পৰা ২৪ নৱেম্বৰ পৰ্যন্ত সাতদিনীয়াকৈ লাচিত দিৱস উদযাপন কৰা হব বুলি উপায়ুক্তগৰাকীয়ে সংবাদমেলখনত জানিবলৈ দিয়ে ৷ বীৰ সেনানায়কজনৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি জিলাখনত গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত উপায়ুক্ত সীমান্ত কুমাৰ দাসে এই কথা সদৰী কৰি জানিবলৈ দিয়ে যে, ১৮ নৱেম্বৰত জিলাখনৰ হোজাই চহৰত আৰক্ষীৰ মাৰ্চপাষ্টেৰে শুভাৰম্ভ হ'বলগীয়া সপ্তাহজোৰা অনুষ্ঠানটিৰ কাৰ্যসূচী ২৪ নৱেম্বৰত জিলাখনৰ সদৰস্থিত কাছাৰী ময়দানত ৰাজহুৱা সভাৰ জৰিয়তে সামৰণি পৰিব । অনুষ্ঠানটিত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে জিলা উপায়ুক্তগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.