লাচিত দিৱসত মহাবীৰ লাচিত বৰফুকনক স্মৰণ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 1:39 PM IST

thumbnail

তেজপুৰ, 24 নৱেম্বৰ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শনিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে 401 সংখ্যক লাচিত দিৱস । আনহাতে শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় বীৰগৰাকীক স্মৰণ কৰে । প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ভাষণ প্ৰসংগত কয়, " অসমৰ বীৰ-বীৰাংগনাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেনেদৰে সমাদৰ লাভ কৰিব লাগিছিল তেনেদৰে নোপোৱাটো দুৰ্ভাগ্যজনক ৷ সমান্তৰালভাৱে এচাম সাম্প্ৰদায়িক শক্তিয়ে কেৱল মাত্ৰ সাম্প্ৰদায়িক বীজ ৰোপণ কৰি ৰাজনীতি কৰিব খোজে আৰু মহাবীৰ লাচিত বৰফুকনক কেৱল এজন হিন্দু বীৰ বিশেষণৰে বিভূষিত কৰিব বিচৰাটো জাতিটোৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক ।"

আনহাতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই লাচিত বৰফুকনৰ জীৱনাদৰ্শক বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ লগতে গৱেষণাৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক: আজিও অৱেহলিত অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.