শিৱসাগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন - লাচিত দিৱস

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 5:43 PM IST

শিৱসাগৰ, 24 নৱেম্বৰ : শিৱসাগৰত ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সমিতিৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে শুকুৰবাৰে লাচিত দিৱস উদযাপন কৰা হয় ৷ নগৰৰ মাজমজিয়াৰ লাচিত উদ্যানত তাই সাহিত্য সভা, বিভিন্ন দল-সংগঠনৰ লগতে শিৱসাগৰবাসী ৰাইজৰ সহযোগত মহাবীৰ লাচিত বৰফুকনক সুঁৱৰি গাম্ভীৰ্যপূৰ্ণভাবে এই দিৱস উদযাপন কৰা হয় ৷  

ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ পাছতেই লাচিত দিৱসৰ প্ৰথমতো কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷ ইয়াৰ পিছত উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ডাঃ উপেন্দ্ৰ নাথ গগৈয়ে ৷ বিজয় ধ্বজা উত্তোলন কৰে সমাজ কৰ্মী হেমন্ত গগৈয়ে ৷ বীৰ পূজন কৰে আটাছুৰ ভাৰপ্ৰাপ্ত কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে ৷

উল্লেখ্য যে, আজি লাচিত বৰফুকনৰ 401 সংখ্যক জন্মবাৰ্ষিকী ৷ এই দিনটোত ৰাজ্যবাসীয়ে স্মৰণ কৰিছে জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ লাচিতক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই দিৱস ৷ 

লগতে পঢ়ক : গুৱাহাটীৰ লাচিতঘাটত উদযাপন ৪০১ সংখ্যক লাচিত দিৱস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.