Kaliabor incident: কলিয়াবৰত বিদ্যুৎ স্পৃষ্ট হৈ বদৰুদ্দিনৰ মৃত্যু - কে ভি নামৰ ইটাভাট

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 6:57 PM IST

কলিয়াবৰ, 12 নৱেম্বৰ : কলিয়াবৰৰ বৰালিগাঁৱৰ এটা ইটাভাটাত চাঞ্চল্যকৰ ঘটনা ৷ 11 KV ৰ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু বদৰুদ্দিন আলী নামৰ এজন শ্ৰমিকৰ ৷ দেওবাৰে সংঘটিত হয় ঘটনা ৷ জানিব পৰা মতে, কলিয়াবৰৰ বৰালিগাঁৱৰ কে ভি নামৰ ইটাভাটাত এখন ট্ৰাকৰ পৰা কয়লা নমাই আছিল শ্ৰমিক বদৰুদ্দিনে ৷ তেনে সময়তে 11 কে ভল্টৰ বৈদ্যুতিক তাঁৰত লাগি যায় ৷ তাৰ পাচতে মৃত্যু হয় শ্ৰমিক বদৰুদ্দিন ৷

আনহাতে বদৰুদ্দিনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ঘটনাস্থলীত মিছা আৰক্ষী চকীৰ উপস্থিত হৈ বদৰুদ্দিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । বদৰুদ্দিনৰ ঘৰ নগাঁৱৰ কচুৱাত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Kaziranga National Park: কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ গৈছেগৈ গজৰাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.