CM relief fund: তিনিচুকীয়াত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ - মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য
🎬 Watch Now: Feature Video


Published : Nov 14, 2023, 12:17 PM IST
তিনিচুকীয়া, 14 নৱেম্বৰ: মংগলবাৰৰ পুৱাই তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত নিজা কাৰ্যালয়ত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এককালীন সাহায্যৰ চেক ৷ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানৰ প্ৰায় 60 গৰাকীকৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এই চেক প্ৰদান কৰা হয় ৷ সমান্তৰালভাৱে উচ্চশিক্ষা লাভ কৰিবৰ বাবে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীকো মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান কৰা হয় এই অনুষ্ঠানত ৷
চেক প্ৰদান কৰাৰ পাছতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা জনায় ৷ লগতে, ৰোগীসকলৰ লগতে উচ্চশিক্ষা ল’বলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক দিনবোৰত উক্ত আঁচনিখনৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷
অনুষ্ঠানটোত দলীয় কৰ্মকৰ্তাৰ লগতে হিতাধিকাৰীসকলে অংশগ্ৰহণ কৰে ৷