লিডুৰ কয়লাখনিত কৰ্মৰত শ্ৰমিকৰ মৃত্যু - লিডুত অবৈধ কয়লা ডিপো

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:03 PM IST

তিনিচুকীয়া, ১৩ জানুৱাৰী: তিনিচুকীয়া জিলাৰ লিডুত পুনৰ মৃত্যুক আকোৱালি ল'লে এজন শ্ৰমিকে । আজি পুৱাৰ ভাগত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো । পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে । লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰীস্থিত ভাৰত পেট্ৰ'লিয়াম পেট্ৰ'ল ডিপোৰ সমীপৰ এটা অবৈধ কয়লা ডিপোত পাপু বৰুৱা নামৰ যুৱকজনৰ মৃত্যু হয় ।  

প্ৰকৃতি ধ্বংস যজ্ঞত ব্যৱহৃত এক্সেভেটৰত ডিজেল ভৰোৱাৰ উদ্দেশ্যে ডাম্পাৰৰ পৰা এক্সেভেটৰৰে তেলৰ ড্ৰাম নমাই থকা সময়তে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো । উত্থাপিত অভিযোগ মতে, অবৈধ কয়লা ব্যৱসায়ৰ সৈতে জড়িত মাৰ্ঘেৰিটাৰ ৰাণা-ভাস্কৰ নামৰ দুজন লোকৰ কয়লা ডিপোত মহৰী ৰূপে কৰ্মৰত আছিল মাৰ্ঘেৰিটা চেগুনবাৰীৰ নিবাসী পাপু বৰুৱা । উক্ত ডিপোত ডাম্পাৰৰ পৰা এক্সেভেটৰৰে তেলৰ বেৰেল নমাই থকা সময়তে এক্সেভেটৰখন ১১ কে ভিৰ তাঁ‌ৰত লাগি পাপু বিদ্যুৎপুষ্ট হৈ মৃত্যুক আকোৱালি লয় ।  

লগতে পঢ়ক:নিজৰ সন্তানক বিদেশত ৰাখি অসমৰ প্ৰজন্মক উচতাই ধ্বংস কৰিব বিচাৰে হীৰেন গোঁহাইয়ে: মানৱ ডেকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.