Scam in Rupsi Block: বিত্তীয় কেলেংকাৰীৰ তদন্তৰ দাবীত কৃষক মুক্তিৰ ধৰ্ণা - Kalgasia SMSS demand for investigation of Scam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 12, 2022, 1:13 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

বৰপেটা জিলাত বিভিন্ন চৰকাৰী আচঁনি ৰূপায়নৰ নামত দুৰ্নীতি চলিছে (Corruption in government scheme implementation) ৷ এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । জিলাখনৰ ৰূপসী উন্নয়ন খণ্ডৰ (Scam in Rupsi Development Block) অন্তৰ্গত বৰভিটা,তিতাপানী পঞ্চায়তকে ধৰি বিভিন্ন পঞ্চায়তৰ বিত্তীয় কেলেংকাৰীৰ তদন্তৰ দাবীত কলগাছিয়া মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (Kalgasia SMSS demand for investigation of Scam) উদ্যোগত মঙলবাৰে কলগাছিয়াস্থ ৰূপসী উন্নয়ণ খণ্ডৰ চৌহদত ধৰ্ণা (Protest of SMSS at Kalgasia) কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে পঞ্চায়তৰ দুৰ্নীতি বন্ধ কৰক,দুৰ্নীতিগ্ৰস্থক শাস্তি দিয়ক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰভিটা পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুনে জবকাৰ্ড শ্ৰমিকৰ চহী জাল কৰি ধন আত্মসাত কৰাৰো অভিযোগ উত্থাপন কৰে । প্ৰতিবাদকাৰীসকলে খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে উৰ্ধতন কৰ্তৃপক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.