নাৰায়ণপুৰৰ শ্ৰীশ্ৰী সৰ্বমনোকামনাপূৰ্ণ শিৱ মন্দিৰত জন্মাষ্টমী উদযাপন
🎬 Watch Now: Feature Video
সমগ্ৰ দেশৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন স্থানতো আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰে(Krishna Janmashtami at Narayanpur) ৷ জন্মাষ্টমী উপলক্ষে নাৰায়ণপুৰৰ জয়পুৰস্থিত শ্ৰীশ্ৰী সৰ্বমনোকামনা পূৰ্ণ শিৱ মন্দিৰতো বাবা ৰঞ্জন গিৰিৰ প্ৰচেষ্টাত শিশুসকলক লৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ(Srikrishna Rasaleela) ভিন্ন দৃশ্যসমূহ উপস্থাপন কৰে । মন্দিৰৰ সন্মুখত দৈৱকী-বসুদেৱৰ বিবাহ, কাৰাগাৰত কৃষ্ণ জন্ম হোৱা দৃশ্য, দধি মথন, কৃষ্ণৰ মাটি খোৱা দৃশ্য, বকাসুৰ বধ, কালীয় দমন আদি পৰিৱেশন কৰায় । ইপিনে পুৱাৰ পৰাই ভক্তসকলে মন্দিৰত উপস্থিত হৈ জগতপতি শ্ৰীকৃষ্ণৰ প্ৰতি সেৱা আগবঢ়ায় ৷
Last Updated : Feb 3, 2023, 8:26 PM IST