Koch Rajbongshi Delhi protest: জনজাতিকৰণৰ দাবীত দিল্লীত কোঁচ ৰাজবংশীৰ উত্তাল প্ৰতিবাদ - জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 5, 2023, 7:13 AM IST

মৰিগাঁও, 5 এপ্ৰিল: দেশৰ ৰাজধানী নতুন দিল্লীৰ যন্তৰ-মন্তৰত কোঁচ ৰাজবংশীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ (separate Kamatapur state) দাবীত কেইবাশতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে দিল্লীত । ২৪ঘন্টীয়া অৱস্থান ধৰ্মঘটৰে দিল্লী কঁপালে অসমৰ ভূমিপুত্ৰ কোচৰাজবংশীসকলে  ৷

সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোঁচ ৰাজবংশীয় বিভিন্ন জাতীয় সংগঠনৰ সহযোগত মঙলবাৰে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Konch Rajbongshi protest in Delhi) । ৰাজ্য তথা কোচবিহাৰ আৰু অসমৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে বিভিন্ন শ্লোগান লিখা প্লেকাৰ্ড লৈ চৰকাৰক দাবী জনায় । দুইখন ৰাজ্যৰ পৰা সমবেত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কোঁচৰাজবংশী ছাত্ৰ সন্থা লং লীভ, কোঁচৰাজবংশী ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায়, শীঘ্ৰে কোঁচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান, পৃথক কমতাপুৰ আমাৰ নায্য প্ৰাপ্য আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীয়ে ।

শাসকীয় বিজেপি চৰকাৰখনে শাসনৰ গাদীত বহাৰ সময়তে জনগোষ্ঠীটোক ছমাহৰ ভিতৰত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বুলি কথা দিছিল যদিও আজিকোপতি জনগোষ্ঠীটোক প্ৰতাৰণা কৰা বুলিহে মন্তব্য কৰি চৰকাৰক সমালোচনা কৰে সংগঠনৰ নেতাই (Koch Rajbongshi Delhi protest) ৷ এতিয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই প্ৰতিবাদী কাৰ্যসূচীয়ে শাসকীয় বিজেপি চৰকাৰখনত কি প্ৰভাৱ বিস্তাৰ কৰিব সেয়া অতিকৈ লক্ষ্যনীয় হ’ব ।

লগতে পঢ়ক : Money laundering incident in Majuli: মাজুলীত বেনামী সংগঠনৰ নামত ধন সংগ্ৰহৰ চেষ্টা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.