Rapist sent to jail: ধৰ্ষণৰ গোচৰত নুৰ ইছলাম শ্বেখক দহ বছৰৰ কাৰাদণ্ড - Kokrajhar rape case

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:06 PM IST

কোকৰাঝাৰ, ৬ অক্টোবৰ: কোকৰাঝাৰ থানাৰ অধীনৰ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অপৰাধত নুৰ ইছলাম শ্বেখ নামৰ অভিযুক্তজনক শুকুৰবাৰে কোকৰাঝাৰ আদালতে দহ বছৰ কাৰাদণ্ডৰ ৰায়দান কৰে ৷ অতিৰিক্ত দণ্ডাধীশ ৰূপক ৰজতৰ আদালতে অভিযুক্ত নুৰ ইছলাম শ্বেখক দহ বছৰ কাৰাদণ্ডৰ লগতে ১০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰিক্ত এমাহৰ কাৰাদণ্ডৰ ৰায়দান দিয়ে আদালতে ৷ ধৰ্ষণকাণ্ডৰ আন দুজন অভিযুক্ত ক্ৰমে আলম শ্বেখ আৰু ছালাম শ্বেখক আদালতে দোষমুক্ত ঘোষণা কৰে ৷

ইপিনে ভুক্তভোগীৰ হৈ আদালতত যুক্তি প্ৰৰ্দশন কৰা অধিবক্তা বীৰেন্দ্ৰ কুমাৰ মহন্তই সদৰী কৰা মতে কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী বিবাহিতা মহিলাক যোৱা ২০১৯ চনৰ ২৪ জুনত ঘৰত কোনো নথকাৰ সুযোগলৈ একে গাঁৱৰে নুৰ ইছলাম শ্বেখে ধৰ্ষণ কৰিছিল ৷ লগতে ঘটনাটো পৰিয়ালৰ লোকক অৱগত কৰিলে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল ভুক্তভোগী মহিলাগৰাকীক ৷ 

পিচত ভুক্তভোগী মহিলাগৰাকীয়ে পৰিয়ালক সবিশেষ অৱগত কৰাৰ লগতে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিতে কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৫০৬/৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ গোচৰৰ আইনী প্ৰক্ৰিয়া চলাৰ অন্তত শুকুৰবাৰে সহকাৰী ন্যায়াধীশ ৰূপক ৰজতৰ আদালতে ধৰ্ষণকাৰী নুৰ ইছলাম শ্বেখক দহ বছৰ কাৰাদণ্ডৰ ৰায় দিয়ে আৰু আন দুগৰাকী অভিযুক্তক দোষমুক্ত বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক: Sensational incident in Nagaon : নগাঁৱত কলেজীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা ই-ৰিক্সা চালকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.