হাতীগাঁৱৰ পৰা অপহৰণ কৰা 6 বছৰীয়া শিশুটিক দক্ষিণগাঁৱত উদ্ধাৰ - হাতীগাঁৱৰ পৰা অপহৰণ কৰা 6 বছৰীয়া শিশুটিক উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:06 PM IST

Updated : Nov 20, 2023, 8:12 PM IST

গুৱাহাটী ২০ নবেম্বৰ : মহানগৰীৰ হাতীগাঁৱৰ পৰা অপহৰণ কৰা 6 বছৰীয়া শিশুটিক অৱশেষত উদ্ধাৰ কৰা হয় । দেওবাৰে অপহৰণ হোৱা শিশুটিক সোমবাৰে দিনৰ ভাগত অপহৰণকাৰীয়ে এৰি থৈ গ'ল দক্ষিণগাঁৱত । পৰৱৰ্তী সময়ত আৰক্ষীয়ে মহানগৰীৰ দক্ষিণগাঁৱৰ পৰা শিশুটিক উদ্ধাৰ কৰে । শিশুটিক কিহৰ বাবে, কোনে অপহৰণ কৰিছিল সেই কথা বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ অপহৰণকাৰীয়ে এখন অট’ৰে উক্ত স্থানত এৰি থৈ যায় বুলি মন্তব্য কৰিছে শিশুটিয়ে ৷

আজি শিশুটি উদ্ধাৰ হোৱাত অসম আৰক্ষীৰ লগতে সাংবাদিককো ধন্যবাদ জনাই শিশুটোৰ পিতৃ-মাতৃয়ে । যদিও শিশুটিক সুকলমে উদ্ধাৰ কৰা হৈছে তথাপিও বৰ্তমানলৈকে অপহৰণকাণ্ডৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে, দেওবাৰে বিয়লিৰ ভাগত ককায়েকৰ সৈতে খেলি থকা অৱস্থাত এটি 6 বছৰীয়া শিশুটোক দুৰ্বৃত্তই অপহৰণ কৰিছিল ৷

লগতে পঢ়ক:যোৰহাটত গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন খেলক: অখিল গগৈৰ ৰাজহুৱা প্ৰস্তাৱ

Last Updated : Nov 20, 2023, 8:12 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.