নলবাৰীত সমষ্টি ভিত্তিত অনুষ্ঠিত খেল মহাৰণ ২০২৩

🎬 Watch Now: Feature Video

thumbnail

নলবাৰী,28 নৱেম্বৰ : ৰাজ্যজুৰি এমাহ ধৰি পঞ্চায়ত ভিত্তিত চলি আছে খেল মহাৰণ ২০২৩ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোমবাৰে নলবাৰীত অনুষ্ঠিত হয় ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ খেল মহাৰণ প্ৰতিযোগিতা ২০২৩ । নলবাৰী সমষ্টি ভিত্তিত নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় খেল মহাৰণ ২০২৩ প্ৰতিযোগিতা। 

এই খেল মহাৰণ কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । নলবাৰী সমষ্টিৰ পৰা ১৯ খন পঞ্চায়তৰ লগতে নলবাৰী চহৰ মিলি ৪০০০ অংশগ্ৰহণকাৰীয়ে খেল মহাৰণত অংশগ্ৰহণ কৰে । এই মহাৰণত মুঠ ৫ টাকৈ ক্ৰীড়া ক্ৰমে এথলেটিকছ, ফুটবল, কাবাডী, ভলীবল আৰু খো খো খেল অনুষ্ঠিত কৰা হ’ব । 

ইয়াৰে ৪০০০ অংশগ্ৰহণকাৰীৰ পৰা ১০০০ জন বাচনি কৰি পাঁচটা ক্ৰীড়াৰ কাৰ্যসূচীত অন্তৰ্ভুক্তি কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী বৰুৱাই । এই খেল মহাৰণৰ জৰিয়তে নলবাৰীৰ পৰাও বহু খেলুৱৈৰ প্ৰতিভা প্ৰতিফলিত হোৱা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাচনিভূত খেলুৱৈসকলক অন্যন্য সমষ্টিৰ ভিত্তিৰ লগতে ৰাজ্যিক ভিত্তিতো নিৰ্বাচিত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: তিনিচুকীয়াত বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.