লখিমপুৰ: অসম তথা অসমীয়াৰ বাবে এক পৰিচিত নাম উদ্ধৱ ভৰালী ৷ কেৱল অসমতেই নহয়, চমকপ্ৰদ উদ্ভাৱনী দক্ষতাৰে শতাধিক যন্ত্র উদ্ভাৱন কৰি দেশে-বিদেশে সন্মানিত হৈছে পদ্মশ্রী উদ্ধৱ ভৰালী । নিজৰ উদ্ভাবনী ক্ষমতা আৰু দক্ষতাৰে আজি পৰ্যন্ত প্ৰায় ১৭৯ টা যন্ত্র উদ্ভাৱন কৰিছে উদ্ভাৱকগৰাকীয়ে ৷ সদায় সাধাৰণ মানুহৰ কামত আহিব পৰাকৈ বিভিন্ন সা-সঁজুলি নিৰ্মাণত ব্যস্ত ভৰালীয়ে আন আন বছৰবোৰৰ দৰে বিদায়ী বছৰটোতো অব্যাহত ৰাখিলে নিজৰ সৃষ্টিশীল কৰ্ম ৷
পলিথিন বনোৱা যন্ত্ৰৰ পৰা যি যাত্ৰা আৰম্ভ হৈছিল সেই যাত্ৰাপথত থমকি নোৰোৱা উদ্ধৱ ভৰালীয়ে চলিত বৰ্ষত উদ্ভাৱন কৰি উলিয়ালে বহু নতুন যন্ত্র ৷ কেৱল সেয়াই নহয় ছাত্র-ছাত্রীসকলক অনুপ্রাণিত কৰাৰ লক্ষ্যৰে গৃহচহৰ লখিমপুৰত একক প্ৰচেষ্টাত আৰম্ভ কৰিছে এক কাৰিকৰী মিউজিয়ামো ।
ই টিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত পদ্মশ্রী উদ্ধৱ ভৰালীয়ে ব্যক্ত কৰিলে তেওঁৰ এই উদ্ভাৱনী যাত্ৰাৰ আঁৰৰ কাহিনী ৷ কিদৰে অভাৱত পৰি পৰিয়ালৰ ধাৰ পৰিশোধ কৰিবলৈ গৈ তেওঁ এই পৰিচয়ৰ গৰাকী হ’ল , সেই বিষয়ে উল্লেখ কৰিলে বিশিষ্ট উদ্ভাৱকগৰাকীয়ে ৷ তেওঁ লগতে আগন্তুক সময়ৰ বাবে কি বিশেষ পৰিকল্পনা কৰিছে সেই বিষয়েও ক’লে ই টিভি ভাৰতৰ আগত ৷
চলিত বৰ্ষত ১৩ টা বিভিন্ন যন্ত্র উদ্ভাৱন উদ্ধৱ ভৰালীৰ
এই পৰ্যন্ত ১৭৯ টা যন্ত্র উদ্ভাবন কৰি দেশে-বিদেশে সন্মানিত হৈছে উদ্ধৱ ভৰালী । চলিত বৰ্ষত তেওঁ ১৩ টা যন্ত্র উদ্ভাৱন কৰে । ইয়াৰ ভিতৰত সৰু-ডাঙৰ বিভিন্ন ধৰণৰ যন্ত্রচালিত ঢেঁকী, প্ৰতিবন্ধীৰ বাবে বিশেষ চাইকেল, পকা মিঠৈ বনোৱা মেচিন আদি উল্লেখযোগ্য । লক্ষণীয় যে, উদ্ধৱ ভৰালীৰ সৃষ্টিসমূহৰ একাংশত তেওঁ যে স্বাভিমানী অসমীয়া সেই বাৰ্তা প্ৰকাশ পাইছে । সৃষ্টিশীলতাত তেওঁ এনেদৰে মগ্ন যে সৃষ্টিৰ বাহিৰে তেওঁৰ এতিয়া অন্য কথা ভাবিবলৈ আহৰি নাই । চৰকাৰী-বেচৰকাৰীভাৱে বিভিন্ন ধৰণৰ যন্ত্র নিৰ্মাণৰ বাবে তেওঁক অহৰহ ফৰমাইচ দিয়া হৈছে । সেই ফৰমাইচ সম্পূর্ণ কৰা, নিজা সৃষ্টি আদিৰ বাবে তৰণি নোহোৱা ব্যস্ততা উদ্ধৱ ভৰালীৰ ।
অভাৱেই আৱিষ্কাৰৰ মূল:
অভাৱেই আৱিষ্কাৰৰ মূল বুলি প্ৰচলিত অসমীয়া সমাজৰ আপ্তবাক্য ফাঁকি বাৰুকৈয়ে খাটে পদ্মশ্রী উদ্ধৱ ভৰালীৰ ক্ষেত্রত । কিয়নো এসময়ত আৰ্থিক দৈন্যই কোঙা কৰি পেলাইছিল তেওঁলোকৰ পৰিয়ালটোক । পৰিয়ালটোৰ ওপৰত আছিল ১৮ লাখ টকাৰ ধাৰ । সেই ধাৰৰ বোজা মাৰিবলৈ উদ্ধৱ ভৰালীয়ে চৰকাৰী চাকৰিৰ সলনি বাচি লৈছিল বিভিন্ন যন্ত্র নিৰ্মাণৰ কাম । সেয়াই উদ্ধৱ ভৰালীৰ সৃষ্টিশীল পথাৰত প্ৰথম খোজ । পাছত তেওঁ আৰু উভতি চাবলগীয়া নহ’ল । উদ্ভাবনী ক্ষেত্রত তেওঁৰ দক্ষতাৰ বাবে দেশে-বিদেশে ৰৈ বৈ গ’ল তেওঁৰ খ্যাতি । ২০১৯ চনত তেওঁ লাভ কৰিলে পদ্মশ্রী সন্মান । ৰাষ্ট্ৰপতিৰ পৰা দুবাৰকৈ গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় সন্মান । ১৩ টা ৰাষ্ট্ৰীয়, তিনিটা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ লগতে লেখ-জোখ নোহোৱাকৈ অসংখ্য সন্মান, বঁটা বাহনৰ গৰাকী হ’ল উদ্ধৱ ভৰালী ।
ছাত্র-ছাত্রীৰ বাবে কাৰিকৰী শিক্ষাকেন্দ্র নিৰ্মাণ কৰাৰ লক্ষ্য ভৰালীৰ
কেৱল নিজে সৃষ্টি কৰাতেই দায়বদ্ধতা শেষ কৰিব খোজা নাই পদ্মশ্রী উদ্ধৱ ভৰালীয়ে । ছাত্র-ছাত্রীসকলকো উদ্ভাবনী ক্ষেত্রলৈ আকৰ্ষিত কৰিব খুজিছে তেওঁ । আৰ্থিক সমস্যা থাকিলেও তেওঁ কষ্ট কৰি ছাত্র-ছাত্রীৰ বাবে কাৰিকৰী শিক্ষাদান কেন্দ্র স্থাপনৰ কাম আৰম্ভ কৰিছে ভৰালীয়ে । তেওঁৰ আৱিস্কাৰসমূহ এই কেন্দ্র অথবা মিউজিয়ামত সংৰক্ষণ কৰি ছাত্র-ছাত্রীসকলক কাৰিকৰী দিশসমূহ দেখুৱাৰ উপৰি উদ্ভাৱনী ক্ষেত্রৰ বিভিন্ন দিশত তেওঁ শিক্ষা দিব ।
উল্লেখ্য যে, ইতিমধ্যে তেওঁ ইউটিউবৰ জৰিয়তে বিনামূলীয়াকৈ ছাত্র-ছাত্রীসকলক শিক্ষাদান কৰি আছে ৷ এইদৰেই এতিয়া দিবা-নৈশ ব্যস্ততা ভৰা জীৱন কটাইছে পদ্মশ্রী উদ্ধৱ ভৰালীয়ে । নিজে সৃষ্টিশীল ক্ষেত্রত সাতুৰি-নাদুৰি আনকো সৃষ্টিশীলতাৰ মাদকতা দিব খোজা উদ্ধৱ ভৰালীৰ সামাজিক দায়বদ্ধতা অনুকৰণীয় হৈ পৰিছে ৷
লগতে পঢ়ক: কৃষিপ্ৰধান অসমৰ বাবে উদ্বেগজনক বিষয়; ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৃষিভূমি