ETV Bharat / technology

আইফোন প্ৰেমীৰ বাবে দুঃখবৰ; বজাৰত বন্ধ হ’ল তিনিটাকৈ আইফোন মডেল - APPLE STOPPED SELLING THREE IPHONES

বিচাৰিলেও বজাৰত নাপাব আইফোন 14 কে ধৰি 3 টা মডেল ৷ জানক ক’ত, কিয় আমাৰ এই প্ৰতিবেদনযোগে ---

apple-stops-selling-iphone-14-and-iphone-se-in-more-eu-countries
আইফোন প্ৰেমীৰ বাবে দুঃখবৰ; বজাৰত বন্ধ হ’ল তিনিটাকৈ আইফোন মডেল (File Photo)
author img

By ETV Bharat Tech Team

Published : Dec 30, 2024, 11:18 AM IST

হায়দৰাবাদ: স্মাৰ্টফোন নিৰ্মাতা কোম্পানী এপলে ইউৰোপীয় সংঘৰ দেশসমূহত নিজৰ তিনিটা আইফোন মডেলৰ বিক্ৰী বন্ধ কৰি দিছে । ইউৰোপৰ বেছিভাগ দেশৰ অনলাইন ষ্ট’ৰৰ পৰা ‘আইফোন 14’, ‘আইফোন 14 প্লাছ’ আৰু ‘আইফোন SE (3য় জেন)’ মডেল আঁতৰাই পেলাইছে । এতিয়া অফলাইন ষ্ট’ৰতো বিক্ৰীৰ বাবে উপলব্ধ নহয় এইকেইটা মডেল । ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন)ৰ নিয়মৰ বাবে এপলে এই সিদ্ধান্ত ল’বলগীয়া হৈছিল ।

আঁৰৰ কাৰণ !

ইউৰোপীয় ইউনিয়নে সিদ্ধান্ত লৈছে যে 2022 চনত ইয়াৰ 27 খন দেশতে বিক্ৰীৰ বাবে উপলব্ধ ফোন আৰু আন কিছুমান গেজেটত ইউএছবি-চি প’ৰ্ট থাকিব লাগিব । ইলেক্ট্ৰনিক আৱৰ্জনা হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । অৱশ্যে এপলে প্ৰথমে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল যদিও পিছলৈ মানি লৈছিল । ফলত কোম্পানীটোৱে ‘আইফোন 14’, ‘আইফোন 14 প্লাছ’, আৰু ‘আইফোন SE (3য় জেন)’ৰ চাৰ্জিঙৰ বাবে ইউএছবি-চি প’ৰ্ট নথকাৰ বাবে বন্ধ কৰিবলগীয়া হয় ।

যোৱা এসপ্তাহ ধৰি এপলে নিজৰ পুৰণি ষ্টক ক্লিয়াৰ কৰি আছে । এতিয়ালৈকে ই অষ্ট্ৰিয়া, বেলজিয়াম, ডেনমাৰ্ক, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড, ইটালী, নেদাৰলেণ্ড, ছুইডেন আৰু আন কেইবাখনো দেশৰ দোকানবোৰৰ পৰা এই সামগ্ৰীসমূহ আঁতৰাই পেলাইছে । ছুইজাৰলেণ্ডতো এই তিনিটা আইফোন মডেলৰ বিক্ৰী বন্ধ হৈ পৰিছে । যদিও ছুইজাৰলেণ্ড ইউৰোপৰ অংশ নহয়, তথাপিও সেই দেশৰ বেছিভাগ নিয়ম ইউৰোপীয় সংঘৰ আইনৰ সৈতে মিল আছে । লগতে এই আইফোন মডেলসমূহ উত্তৰ আয়াৰলেণ্ডত আৰু ক্ৰয় কৰিব নোৱাৰিব ।

ইফালে, অহা বছৰৰ মাৰ্চ মাহত এপলে ইউএছবি-চি প’ৰ্টৰ সৈতে ‘আইফোন SE (4ৰ্থ প্ৰজন্ম)’ মুকলি কৰিব পাৰে বুলিও বাতৰি প্ৰচাৰ হৈছে ।

লগতে পঢ়ক: বিচাৰিলেও এতিয়াৰে পৰা ক্ৰয় কৰিব নোৱাৰিব এপলৰ এইকেইটা স্মাৰ্টফোন !

ভিনটেজ তালিকাত সংযোগ হ’ল Apple iPhone XS Max আৰু 6s Plus

স্মাৰ্টফোনৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে গঢ়িলে নতুন অভিলেখ; শীৰ্ষত এপল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.