ETV Bharat / technology

ভাৰতীয় বজাৰত মুকলি হ’ল Rolls Royce Ghost - ROLLS ROYCE GHOST

ভাৰতত জনপ্ৰিয় ৰ’লছ ৰয়েচ গাড়ী । এতিয়া এই ব্ৰেণ্ডৰ এটা নতুন মডেল বজাৰত প্ৰৱেশ হৈছে । আহক জানো নতুন Rolls-Royce Ghost ৰ দাম আৰু বৈশিষ্ট্য--

2025-rolls-royce-ghost-series-ii-launched-in-india-price-specifications-and-more-details
ভাৰতীয় বজাৰত মুকলি হ’ল Rolls Royce Ghost (Rolls Royce Motor Cars)
author img

By ETV Bharat Tech Team

Published : Dec 30, 2024, 9:58 AM IST

হায়দৰাবাদ: শেহতীয়াকৈ বিশ্বৰ বজাৰত মুকলি কৰা হৈছে ৰ’লছ ৰয়েচ ঘোষ্ট ছিৰিজ 2 ৰ শেহতীয়া মডেল । এই গাড়ীখন মুকলি কৰাৰ মাত্ৰ দুমাহৰ পাছতেই ভাৰতীয় বজাৰত উপস্থিত হৈছে বিলাসী ছেডানৰ সৰু মডেলটোও । ৰ’লছ ৰয়েচ ঘোষ্ট ফেচলিফ্ট তিনিটা ভেৰিয়েণ্টত মুকলি কৰা হৈছে - ষ্টেণ্ডাৰ্ড, এক্সটেণ্ডেড আৰু ব্লেক বেজ ।

মূল্য

ৰ’লছ ৰয়েচ ঘোষ্ট ফেচলিফ্টৰ ষ্টেণ্ডাৰ্ড মডেলৰ মূল্য 8.95 কোটি টকা । ইয়াৰ এক্সটেণ্ডেড ভেৰিয়েন্টৰ মূল্য 10.19 কোটি আৰু ব্লেক বেজ ভেৰিয়েণ্টৰ মূল্য 10.52 কোটি টকা । এই ৰ’লছ ৰয়েছ গাড়ীৰ ফেচলিফ্ট মডেলৰ বুকিং আৰম্ভ কৰিছে অটো নিৰ্মাতা কোম্পানীটোৱে । 2025 চনৰ প্ৰথম চাৰি মাহত কোম্পানীটোৱে এই গাড়ীখন ডেলিভাৰী দিব পাৰিব ।

ঘোষ্ট ফেচলিফ্টৰ বৈশিষ্ট্য

ৰ’লছ ৰয়েছ ঘোষ্ট ফেচলিফ্ট ব্লক ডিজাইনৰ সৈতে অনা হৈছে । ছিৰিজ 2 কুলিনানতো একেধৰণৰ ডিজাইন পোৱা যায় । সন্মুখৰ বাম্পাৰৰ তলত এটা সৰু গ্ৰীল দিয়া হৈছে । ইয়াৰ চাৰিওফালে প্ৰান্তত ডি আৰ এল স্থাপন কৰা হৈছে । এই বাহনখনৰ পিছফালৰ ডিজাইনৰ কথা ক’বলৈ গ’লে ইয়াক টেইললাইটৰ সৈতে নতুন ৰূপ দিয়া হৈছে । এই বাহনখনত দুবিধ 22 ইঞ্চিৰ এলয় হুইল লগোৱাৰ বিকল্প আছে ।

ইঞ্জিন

অটো নিৰ্মাতা কোম্পানীটোৱে ৰ’লছ ৰয়েচ ঘোষ্ট ফেচলিফ্টৰ নতুন মডেলত কোনো পৰিৱৰ্তন কৰা নাই । পূৰ্বৰ মডেলৰ দৰেই এই বাহনখনতো 6.75 লিটাৰৰ টুইন টাৰ্বো V12 ইঞ্জিন আছে । ইয়াৰ উপৰিও ইয়াক 8 স্পীড অটোমেটিক গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে । ঘোষ্ট ফেচলিফ্টৰ ষ্টেণ্ডাৰ্ড আৰু এক্সটেণ্ডেড সংস্কৰণত ইনষ্টল কৰা ইঞ্জিনে 563 এচপি শক্তি প্ৰদান কৰে আৰু 850 এনএম টৰ্ক উৎপন্ন কৰে । কিন্তু ব্লেক বেজ সংস্কৰণত একেটা ইঞ্জিনে 592 বিএইচপি শক্তি আৰু 900 এনএম টৰ্ক উৎপাদন কৰে ।

লগতে পঢ়ক: জানুৱাৰীত বজাৰত মুকলি হ’ব Mercedes-Benz EQS 450

ভাৰতত মুকলি হ’ল সৰ্বোচ্চ 240 গতিবেগৰ মাৰ্চিডিজ বেঞ্জ AMG G 63

জানুৱাৰীত ভাৰতীয় বজাৰত মুকলি হ’ব Mercedes Benz G 580 EV

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.