Kaziranga National Park: পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - kaziranga kohora range

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 8:04 PM IST

কাজিৰঙা, ১৫ অক্টোবৰ: পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আৰম্ভণি কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰত ফিটাকাটি বনমন্ত্ৰী পাটোৱাৰীয়ে কহঁৰা বনাঞ্চলত জীপ ছাফাৰি আৰম্ভ কৰে৷ বিহু আৰু ঝুমুৰৰ নৃত্য-গীতৰে উলহ-মালহ পৰিৱেশত বনাঞ্চল মুকলি কৰাৰ পাছতে মন্ত্ৰী অতুল বৰাসহ বনমন্ত্ৰী পাটোৱাৰী খোলা জীপছি গাড়ীত উঠি উদ্যানৰ ভিতৰভাগত প্ৰৱেশ কৰে ৷ 

ইয়াৰ পাছতে বনমন্ত্ৰীগৰাকী উদ্যানৰ পৰা ওলাই আহি মিহিমুখ প্ৰৱেশদ্বাৰত বনবিভাগৰ সৌজন্যত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ যোগেদি মহিলা আত্মসহায়ক গোটৰ দুখন পৰম্পৰাগত জলপান আৰু হস্ততাঁত বস্ত্ৰৰ বিপনন কেন্দ্ৰ মুকলি কৰে ৷ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পূৰ্বে বনমন্ত্ৰীগৰাকীয়ে বন বিভাগৰ কহঁৰাস্থিত শতবৰ্ষ উদযাপন কেন্দ্ৰত এটা পুথিভঁৰাল মুকলি কৰে ৷ পুথিভঁৰালতে কবি-লেখক বুবুল শৰ্মাৰ 'হাতী আৰু মাউট' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ লগতে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ দ্বাৰা পৰিচালিত হ’বলগীয়া বাই চাইক্লিং পৰ্যটকৰ বাবে মুকলি কৰে ৷

লগতে পঢ়ক: Kaziranga Pollution: মৃত গৰু পেলোৱা ডাষ্টবিনলৈ পৰিণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.