thumbnail

ডিব্ৰুগড়ত শিলাবৃষ্টিয়ে দিলে কাশ্মীৰৰ আমেজ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 9:13 PM IST

মৰাণ, 13 ডিচেম্বৰ: এজাক প্ৰচণ্ড শিলাবৃষ্টিয়ে কোবাই গ’ল ডিব্ৰুগড় জিলাৰ মৰাণ, খোৱাং আদি বহুকেইটা অঞ্চল ৷ তাৰ পিচতেই শুকুলা আচ্ছাদন দেখা গ’ল মুকলি স্থানবোৰত ৷ কাশ্মীৰত বৰফ পৰাৰ দৰেই এক পৰিবেশৰ সৃষ্টি হয় মৰাণ আৰু খোৱাঙৰ বিভিন্ন স্থানত ৷ বহুতেই এই পৰিবেশৰ আমেজ লোৱা দেখা যায় ৷ কোনো কোনোৱে যদি ছেল্ফি উঠিছে, আন কোনোৱে আকৌ শিলবোৰ চুই শীতৰ আমেজ লৈছে ৷ কণ কণ শিশুবোৰেও ইটোৱে সিটোলৈ শিল দলিয়াই ধেমালি খেলা দেখা যায় ৷ একাংশই প্ৰকাশ কৰে যে কাশ্মীৰ, হিমাচল, শ্বিলং, অৰুণাচল আদিত দেখা বৰফাবৃত পৰিৱেশ তেওঁলোকে গাঁৱতেই উপভোগ কৰিছে ৷ 

এই শিলাবৃষ্টিৰ ফলত অঞ্চলকেইটাৰ বহুলোকৰ ঘৰ-দুৱাৰ, খেতি-পথাৰৰ অনিষ্ট সাধন হয় ৷ বহুতৰে ঘৰৰ টিং ফুটাই পেলায় ডাঙৰ ডাঙৰ শিলবোৰে ৷ পথাৰত থকা, ঘৰলৈ অনা ধান-সৰিয়হ আদিও শিল বৰষুণৰ ফলত অনিষ্ট হয় ৷ বাৰীৰ ফচলো নষ্ট হয় শিলৰ খুন্দাত ৷

লগতে পঢ়ক: শীতৰ মাজতে খোৱাঙত প্ৰচণ্ড শিলাবৃষ্টি ; শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.