কাশ্মীৰৰ মুছলমান যুৱতীৰ কণ্ঠত ৰাম ভজন
🎬 Watch Now: Feature Video
Published : Jan 16, 2024, 8:12 PM IST
বাৰামোল্লা(জম্মু কাশ্মীৰ), 16 জানুৱাৰী : অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ প্ৰসংগত ভগৱান ৰামৰ এটা ভজনে বিশেষ স্থান লাভ কৰিছে নেতিজেনৰ মাজত ৷ উৰিৰ বুনিয়াৰ অঞ্চলৰ এগৰাকী মুছলমান যুৱতীয়ে গোৱা ৰাম ভজন সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে । যুৱতীগৰাকীয়ে কয় যে বলীউডৰ গায়ক জুবিন নৌটিয়ালৰ একেধৰণৰ এটা ভজনে তেওঁক ভজন গাবলৈ অনুপ্ৰাণিত কৰিছিল ।
উল্লেখ্য যে উত্তৰ উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ সীমান্ত অঞ্চলৰ বুনিয়াৰৰ নুৰকা গাঁৱৰ বাসিন্দা চৈয়দা বাটুল জেহৰা নামৰ যুৱতীগৰাকী ৷ উল্লেখ্য যে জেহৰা উৰি মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী চৈয়দা বাটুল । ৰাম ভজনটোৰ সন্দৰ্ভত তেওঁ কয়, " মই বলীউডৰ গায়ক জুবিন নৌটিয়ালৰ এটা ভজন শুনিছিলো আৰু মই সঁচাকৈয়ে ভাল পাইছিলোঁ । মই ভাবিছিলোঁ যদি এইটো হিন্দীত কৰিব পাৰি, পাহাৰী ভাষাত কিয় নোৱাৰি? সেয়ে ভজনটো মই পাহাৰী ভাষাত লিখিছিলো আৰু গাইছিলোঁ । মুছলমান সম্প্ৰদায়ৰ লোকসকলেও মোক অভিনন্দন জনাইছে ৷’’
লগতে পঢ়ক: দেশত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ৰাম মন্দিৰৰ ইতিহাস