Protest at Nazira: ২১ দফীয়া দাবী সমাধানৰ বাবে নাজিৰাত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী সভা
🎬 Watch Now: Feature Video
আমগুৰি, ২৮ ফেব্ৰুৱাৰী: পুৰণি পেঞ্চন নীতি বাহাল ৰখা, খালী পদ পূৰণ কৰা আৰু প্ৰাপ্য বকেয়া ধন আদায় দিয়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত মঙলবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য়জুৰি পালন কৰা প্ৰতিবাদী কাৰ্যসূচী নাজিৰাতো ৰূপায়ন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি নাজিৰাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্য়োগত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা (All Assam Karmachari Parishad protest)। ৰাজ্যিক কৰ্মচাৰী সকলৰ এই সমস্যা সমাধানৰ দাবীত কৰ্মচাৰী পৰিষদে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভাখনৰ আয়োজন কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৰ্মচাৰী সকলে তেওঁলোকৰ ন্যায্য দাবী সমূহ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় (Nazira Zilla Karmachari Parishad protest)। নাজিৰা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰশান্ত কোঁৱৰ আৰু সাধাৰণ সম্পাদক দিলীপ দত্তই আলোচনাৰ মাধ্যমেৰে কৰ্মচাৰীসকলৰ সমস্যা সমূহ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় । অন্যথা কৰ্মচাৰী সকলে ইয়াতকৈয়ো অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ।
নাজিৰা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰশান্ত কোঁৱৰ আৰু সাধাৰণ সম্পাদক দিলীপ দত্তই নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰা, ৰাজ্যিক কৰ্মচাৰীৰ বিনামূলীয়া চিকিৎসাসেৱা আঁচনি কাৰ্যকৰী কৰা, শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি, বিভিন্ন বিভাগৰ কনিষ্ঠ অভিযন্তাক এক্স-কেডাৰ পদ সৃষ্টিৰে পদোন্নতি দিয়া, সকলো বিভাগৰ চাকৰিৰ সেৱাবিধি প্ৰস্তুত কৰা, দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলে লাভ কৰা ফিক্সড টি এ আদায় দিয়া আদিকে ধৰি মুঠ ২১ দফীয়া দাবী সমাধানৰ দাবী জনাইছে ।
প্ৰতিবাদী সভাৰ পিচতে নাজিৰা জিলা কৰ্মচাৰী পৰিষদে মহকুমাধিপতিৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । নাজিৰা জিলা কৰ্মচাৰী পৰিষদৰ এই স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি ২০০৫ চনৰ পৰা চৰকাৰী নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে লাভ নকৰিব পূৰ্বৰ দৰে পেঞ্চনৰ সুবিধা । এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ জিলা কৰ্মচাৰী পৰিষদে দাবী জনাইছে ।
লগতে পঢ়ক:Electricity contract workers protest: চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত বিদ্যুৎ কৰ্মীৰ প্ৰতিবাদ