thumbnail

By

Published : May 2, 2023, 12:18 PM IST

ETV Bharat / Videos

Karishma Nath in Majuli : সত্ৰ নগৰী মাজুলীত কৰিশ্মা নাথক প্ৰদান বৃষ্টি কন্যা উপাধি

মাজুলী, 2 মে’ : সত্ৰ নগৰী মাজুলী সোনাৰিআটীত নাগাৰা নাম পৰিৱেশন কৰিশ্মা নাথৰ ৷ সোমবাৰে মাজুলীত সদৌ অসম নাথ-যোগী যুৱ পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত নাগাৰা নাম পৰিৱেশন কৰে কৰিশ্মা নাথে ৷ অসম প্ৰাদেশিক যোগী সন্মিলনীৰ অন্যতম ভাতৃ সংগঠন সদৌ অসম নাথ-যোগী যুৱ পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি মাজুলী জিলা যোগী সন্মিলনীৰ লগতে আটাইকেইটা ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত সত্ৰ নগৰী মাজুলীৰ সোণাৰীআঁটী নৱজ্যোতি কৃষ্টি সংঘ প্ৰাংগনত বাণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় (Karishma Nath Performed Nagara Naam in Majuli) ৷  

অধিৱেশনৰ শেষৰ দিনা অৰ্থাৎ সোমবাৰে  নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত নাগাৰা নাম পৰিৱেশন কৰে কৰিশ্মা নাথে (Nagara Naam by Karishma Nath) ৷ এই অনুষ্ঠানতে নাথ-যোগী সন্মিলনীয়ে কৰিশ্মা নাথক প্ৰদান কৰে বৃষ্টি কন্যা উপাধি (Karishma Nath nagara naam) ৷ মাজুলীৰ দৰে পবিত্ৰ স্থানত নাগাৰা নাম পৰিৱেশন কৰিবলৈ পাই অত্যন্ত সুখী বুলি মন্তব্য কৰে কৰিশ্মাই (Karishma Nath in Majuli) ৷

অতি কম সময়ৰ ভিতৰতে নাগাৰা নাম পৰিৱেশনেৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা কৰিশ্মা নাথৰ প্ৰতিটো অনুষ্ঠানতে জনসমুদ্ৰ পৰিলক্ষিত হয় ৷ ব্যতিক্ৰম নহ’ল মাজুলীও ৷ কৰিশ্মা নাথৰ নাগাৰা নামৰ অনুষ্ঠান চাবলৈ মাজুলীৰ সোনাৰিআটীত সোমবাৰে অসংখ্য লোকৰ আগমণ ঘটা পৰিলক্ষিত হয় (Karishma Nath performed Nagara Naam) ৷

লগতে পঢ়ক: Exceptional Assamese wedding: গৰু গাড়ীত দৰা সাজি আহি দোলাত কইনা নিলে ঘগ্ৰাপাৰৰ কমলে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.