thumbnail

By

Published : Nov 21, 2022, 7:01 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Kalita janagosthi sanmilan strike: গোলাঘাটত কলিতা জনগোষ্ঠী সন্মিলনৰ অৱস্থান ধৰ্মঘট

গোলাঘাটত সোমবাৰে কলিতা জনগোষ্ঠী সন্মিলনৰ গোলাঘাট জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট পালন কৰে (Kalita janagosthi sanmilan on strike)৷ মুখত ক'লা কাপোৰ পৰিধান কৰি সংগঠনটোৱে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সমীপত ধৰ্মঘট পালন কৰে । অসমত বাস কৰা ৭০ লাখ কলিতা জনগোষ্ঠীৰ কাৰণে প্ৰাগজোতিষপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, কলিতা জনগোষ্ঠীৰ উন্নয়ন পৰিষদৰ কাৰণে ১০০০ কোটি টকা আৱণ্টন দিয়া, বাণীকান্ত কাকতিৰ নামত ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া ভাষা আৰু জনগোষ্ঠীয় অধ্যয়ন বিভাগ খোলা, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কলিতা জনগোষ্ঠীৰ কাৰণে ৩০ শতাংশ প্ৰতিনিধিৰ আসন সংৰক্ষণ কৰা, বজালীত নাট্য প্ৰভাকৰ অচ্যুত লহকৰৰ স্মৃতিত নাট্য বিশ্ববিদ্যালয় স্থাপন কৰা, কলিতা জনগোষ্ঠী সন্মিলনৰ ভগদত্ত প্ৰকল্পৰ নামত গুৱাহাটীত দহ বিঘা মাটি আৱণ্টন দিয়া, যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰটো শ্বহীদ মণিৰাম দেৱানৰ নামত নামাকৰণ কৰাকে ধৰি বিভিন্ন দাবী সম্বলিত এক স্মাৰক অসম চৰকাৰক প্ৰদান কৰি এই ধৰ্মঘট পালন কৰে সংগঠনটোৱে (Kalita community sanmilan strike in Golaghat)।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.