Junmani Rabha case: নামতিত জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি - Junmani Rabhas tribute ceremony at Namoti

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 29, 2023, 8:19 PM IST

আমগুৰি, ২৯ মে': শিৱসাগৰ জিলাৰ নামতি ষ্টেচন চাৰিআলিত নামতি অঞ্চলৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় (Junmani Rabhas tribute ceremony)। এগৰাকী সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুত এতিয়াও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী । জোনমণি ৰাভাৰ মৃত্যু সাধাৰণ মৃত্যু বুলি কোনেও মানি ল'ব পৰা নাই । জোনমণিৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে দেওবাৰে আমগুৰিৰ নামতিত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

এই অনুষ্ঠানত দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে (Junmani Rabha accident case)। উল্লেখ্য যে নগাঁও জিলাৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ আই জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাক আজিও সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে । শিৱসাগৰৰ নামতিৰ ষ্টেচন চাৰিআলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি এছ আই জোনমণি ৰাভাৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে ৰাইজে শীঘ্ৰে দোষীক শাস্তি বিহিবলৈ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক:Education Minister Dr Ranoj Pegu: লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.