সাংবাদিকক অপদস্থ কৰা আয়ুক্তৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 3:05 PM IST

thumbnail

নগাঁও, ৬ জানুৱাৰী : নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত শুক্ৰবাৰে গুৱাহাটীৰ এগৰাকী সাংবাদিকক প্ৰহাৰ কৰাৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । সাংবাদিকক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শনিবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নগাঁৱৰ সাংবাদিকসকলে । নগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সাংবাদিকসকলে ।  

নগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিকসকলৰ লগতে নগাঁও উকীল সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । ইয়াৰ পিচতেই প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক:নগাঁৱৰ ননৈত বাঘৰ ভৰিৰ ছাপ প্ৰত্যক্ষ, আতংকময় পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.